নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত দুৰ্ধৰ্ষ বেপাৰী ৰঞ্জিত ৰাভাক আটক বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মায়ং সংৰক্ষিত বনাঞ্চলত শাল আৰু ভোমোৰা গছ কাটি থকা অৱস্থাতে দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰী ৰঞ্জিত ৰাভাক আটক বন বিভাগৰ দলৰ। কাঠ বেপাৰী জনৰ পৰা কৰ্ট, জা, ৰছী আদি বিভিন্ন গছ কটা সামগ্ৰীও জব্দ কৰে বনবিভাগৰ দলটোৱে । উল্লেখ্য যে, লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ চেমীম আখতাৰৰ নেতৃত্বত অইন দিনাৰ দৰে আজিও দুপৰীয়া ভাগত মায়ং সংৰক্ষিত বনাঞ্চল অঞ্চলত তহল দি আছিল। তেনে সময়তে ৰঞ্জিত ৰাভাই শাল আৰু ভোমোৰা গছ কাটি আছিল। বন বিভাগৰ দলটি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ৰঞ্জিত ৰাভাই পলাবলৈ লওঁতে হাতে লোটে আটক কৰে। ইফালে ৰঞ্জিত ৰাভা লগত থকা আন এজন কাঠ ব্যৱসায়ী পলাই সাৰিবলৈ সক্ষম হয়। আট কাধীন ৰঞ্জিত ৰাভাক জেল হাজোতলৈ প্ৰেৰণ কৰে বন বিভাগে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মায়ং সংৰক্ষিত বনাঞ্চল এলেকাত ৰঞ্জিতে গছ কাটি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

প্ৰেৰক ভগৱান দাস

You might also like