বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যতে হঠাৎ বাল্যবিৱাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে ৷ এই অভিযানত ৰেহাই পোৱা নাই বহু বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ সুখৰ সংসাৰ কৰি থকা স্বামীসকলেও৷ কিন্তু তাৰ বিপৰীতে এইখন ৰাজ্যৰে তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা আহিছে তিনিগৰাকীকৈ নাবালিকাক এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ৷ চলিত বৰ্ষৰ ২৯ জানুৱাৰীত সংঘটিত হোৱা উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ২ ফেব্ৰুৱাৰীত পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰিছে এজাহাৰ ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা ২৯ জানুৱাৰীত তিনিচুকীয়া জিলাৰ শদিয়া চপাখোৱা থানাত কৰ্মৰত সত্যজিৎ গগৈ নামৰ গৃহৰক্ষী জোৱানজনে শদিয়া কুণ্ডিল গাঁৱৰ তিনিগৰাকী কিশোৰীক ধৰ্ষণকাণ্ড সংঘটিত কৰে । শদিয়াৰ চপাখোৱাস্থিত দৈনিক বজাৰলৈ যোৱা বাটত কিশোৰীকেইগৰাকীক বজাৰত নমাই দিয়াৰ ছলেৰে অৰুণাচল প্ৰদেশলৈ লৈ গৈ অন্য বন্ধুৰ লগত দলবদ্ধ ধৰ্ষণ কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। কিশোৰীকেইগৰাকীক পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ ফাৰ্ম বস্তিৰ পৰা উদ্ধাৰ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। স্থানীয় ৰাইজে উক্ত ঘটনাত আৰক্ষী বিভাগত কৰ্মৰত লোক জড়িত থকাৰ বাবেই প্ৰশাসনে গাপ দিয়া বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে। আনহাতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক ৰবী ছেত্ৰীৰ লগতে জিলা সমিতিৰ অনান্য বিষয়ববীয়া সকল ভুক্তভোগী কিশোৰীকেইগৰাকীৰ পৰিয়ালৰ কাষত উপস্থিত হোৱাৰ লগতে শদিয়া থানাত উপস্থিত হৈ উক্ত ঘটনাৰ ন্যায় প্ৰদান কৰিবলৈ শদিয়া আৰক্ষীক দাবী জনাইছে ৷ উক্ত ঘটনা পোহৰলৈ অহাৰ পাছতে শদিয়াত তীব্ৰ চাঞ্চল্যই সৃষ্টি কৰিছে আৰু এতিয়া খোদ আৰক্ষীৰ হাততে শিশু-কিশোৰীৰ নিৰাপত্তাহীনতা আৰু যৌন শোষণৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। যদি পৰিয়ালৰ অভিযোগ সত্য হয় তেন্তে সঁচাই অসম আৰক্ষীত জৰিত যুৱকে কৰা এনে কাণ্ডই অসম আৰক্ষীক লজ্জিত কৰিব ৷ এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ফাদিল হ’ব প্ৰকৃত তথ্য ৷
প্ৰেৰক বিবেক বড়া