নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথামতেই কাম মাজনিশা তেজপুৰ মেডিকেলত জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ২০ মেঃ মুখ্যমন্ত্রীৰ কথামতেই যেন কাম৷ পুৱতিনিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ কল কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড চিকিৎসাৰ বুজ ল’লে৷ উল্লেখ্য যে কালি মুখ্যমন্ত্রীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ নিশাৰ ভাগত ক’ভিড ৱার্ডত জ্যেষ্ঠ চিকিৎসক ডপস্থিত নথকাক লৈ অসন্তুষ্টি প্রকাশ কৰিছিল আৰু নিজেই নিশা ফোন কৰি ক’ভিড ৱার্ডৰ বুজ ল’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছিল৷

ক’ভিড আক্রান্তৰ মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ হ’লে নিশাৰ ভাগতো চিকিৎসকসকল সমানেই তৎপৰ হৈ থাকিব লাগিব৷ সেই কথা নিশ্চিত কৰিবলৈ শোণিতপুৰ জিলা প্রশাসন আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষক নির্দেশ দিছিল মুখ্যমন্ত্রীয়ে৷ নির্দেশ দিয়াৰ ১৩ ঘণ্টাৰ পিছত তৎপৰ হৈ পৰিল জিলা প্রশাসন আৰু চিকিৎসালয় কর্তৃপক্ষ৷ শোণিতপুৰৰ ডপাযুক্ত মানৱেন্দ্র প্রতাপ সিং আৰু ঠেলামৰা ৰাজহ চক্র বিষয়া শিল্পীশিখা ঠাকুৰীয়া নিশা ১.৩৫ মিনিটত উপস্থিত হ’ল তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ ইয়াৰ কিছু সময়ৰ পিছতেই মুখ্যমন্ত্রীৰ উপায়ুক্তলৈ আহিল ফোনকল৷

উপায়ুক্তই ভিডিঅ’ কলিঙৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড ৱার্ডত নিশা কিদৰে চিকিৎসা চলিছে, সেই সকলো পুংখানুপুংখভাৱে দেখুৱালে মুখ্যমন্ত্রীগৰাকীক৷ সেই সময়ত ডপস্থিত আছিল চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, অধীক্ষক ডাঃ মাধৱ ৰাজবংশী আৰু কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক৷ মুখ্যমন্ত্রীয়ে চিকিৎসকসকলৰ পৰা ৰোগীৰ অৱস্থাৰ বুজ ল’লে৷ চিচি টিভিৰ জৰিয়তে ৰোগীসকলৰ বুজ লোৱাৰ লগতে সেই সময়ত কোন কোন চিকিৎসকৰ দায়িত্ব আছে আৰু তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে নেকি, সকলো কথা ভিডি’ কলিঙৰ জৰিয়তে আলোচনা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

আনহাতে কালি মুখ্যমন্ত্রীগৰাকীয়ে শোণিতপুৰৰ ডপায়ুক্তক কঠোৰ নির্দেশ দিছিল যে যিসকল ক’ভিড আক্রান্তৰ মৃত্যু হয়, তেওঁলোকৰ সৎকাৰৰ সম্পূর্ণ দায়িত্ব জিলা প্রশাসনে পালন কৰিব লাগিব৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতেই আজিৰে পৰা শোণিতপুৰ জিলা প্রশাসনে কার্যপন্থা গ্রহণ কৰিছে৷ এতিয়াৰে পৰা ক’ভিড ৰোগীৰ মৃত্যু হ’লে জিলা প্রশাসনে সৎকাৰৰ বাবে যাৱতীয় সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব৷

বুধবাৰে শোণিতপুৰৰ ডপায়ুক্তই সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰি কয় যে প্রতিটো ৰাজহ চক্রৰ অন্তর্গত অঞ্চলত নির্দিষ্ট কৰি দিয়া শ্মশান আৰু কবৰস্থানত ক’ভিডত মৃত্যু হোৱা লোকৰ অন্তিম সৎকাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত চক্র বিষয়াসকলক দায়িত্ব অর্পণ কৰা হৈছে আৰু তেওঁলোকে প্রয়োজনীয় খৰিকে ধৰি যাৱতীয় সামগ্রীসমূহৰ ব্যৱস্থা কৰি নির্ধাৰিত কৰা স্থানত সৎকাৰৰ ব্যৱস্থা কৰিব৷ ইফালে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২৪ ঘণ্টাই দুখনকৈ এম্বুলেঞ্চ সাজু কৰি ৰখা হৈছে মৃতদেহ অনা–নিয়াৰ বাবে আৰু ৰাইজৰ জ্ঞাতার্থে তেওঁলোকৰ ফোন নম্বৰো ডপলব্ধ কৰোৱা হৈছে৷ অসহায় লোকৰ বাবে সহায় হোৱাকৈ সাজু কৰি ৰখা ১০৮ এম্বুলেঞ্চ দুখনৰ সবিশেষ এনেধৰণৰ– এ এছ–১২ এ চি–৫২৭৫, চালক আয়াতুল ৰহমান (ফোন নম্বৰ ঃ ৮৮৭৬৫–২৩৮৪৩) আৰু এ এছ–১২ এ চি–৪৩৫০, চালক ধনেশ্বৰ পটংগীয়া (ফোন নম্বৰ ঃ ৯৮৬৪৩–৮২৫৭৬)৷

You might also like