🔹 বিশ্ব পৰিৱেশ দিৱসৰ দিনাই উন্মোচিত জীৱশ্রেষ্ঠৰ ভয়ংকৰ কাণ্ড
নিয়মীয়া বার্তা, জোনাই, ৬ জুন : কালি বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্রকৃতি ৰক্ষাৰ শ্লোগানেৰে সর্বত্র গছপুলি ৰোপণ আদি কার্যসূচী ৰূপায়ণ কৰা হয়৷ কিন্তু এই বিশেষ দিনটোতে পোহৰলৈ আহিছে প্রকৃতিৰ ওপৰত জীৱশ্রেষ্ঠৰ অত্যাচাৰৰ এক ভয়ংকৰ ছবি৷ কেৱল অত্যাচাৰেই নহয়, সেই দৃশ্য ইউটিউবত প্রচাৰ কৰি আসুৰিক তৃপ্তি লোৱাৰো চেষ্টা চলায় তিনি নৰাধমে৷ ঘটনা ধেমাজিৰ। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই তিনি যুৱক হ’ল ৰঙাঘৰৰ আলহী৷ বনৰীয়া পক্ষী হত্যা কৰা, বনৰীয়া পক্ষীৰ কণী ধ্বংস কৰাৰ লগতে সেই দৃশ্য ম’বাইলৰ কেমেৰাত বন্দী কৰি ইউটিউবত আপলোড কৰাৰ অভিযোগত তিনিওকে গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ চিমেন চাপৰি অঞ্চলৰ তিনি যুৱকে সংঘটিত কৰিছে এই কাণ্ড৷ বিভিন্ন পৰিভ্রমী তথা বিলুপ্তপ্রায় পক্ষীৰ বিচৰণস্থলী চিমেন চাপৰিৰ হস্তিনাপুৰ আৰু কর্দৈগুৰি গাঁৱৰ পিতনি অঞ্চল৷ সেই অঞ্চলৰ একাংশ যুৱকে এই পক্ষীসমূহৰ ওপৰত চলাই আহিছে নির্মম অত্যাচাৰ৷ কেতিয়াবা যদি কেটেপাৰে হত্যা কৰিছে শৰালি হাঁহ, পানী কাউৰী, কণামুচৰি আদি চৰাই, আন কেতিয়াবা আকৌ চৰাইৰ বাহৰ পৰা খাদ্যৰ বাবে লৈ আহিছে কণী৷ ইয়াৰ মাজতে এনে অনৈতিক কার্য সংঘটিত কৰি, নিজৰে অপকর্মৰ ভিডিঅ’ ইউটিউবত আপলোড কৰে যুৱক তিনিজনে৷ য’ত দেখা গৈছিল যে বনৰীয়া চৰাইবোৰ কেটেপাৰ সহায়েৰে নৃশংসভাৱে হত্যা কৰাৰ লগতে বাহৰ পৰা কাঢ়ি আনিছে কণী৷ কেৱল ইমানতে ক্ষান্ত নাথাকি পক্ষী হত্যা কৰি আনন্দত উন্মাদ হৈ পৰাও পৰিলক্ষিত হয়৷ কেইবাটাও ভিডিঅ’ আপলোড কৰাৰ পিছতে সচেতন ৰাইজ তথা আৰক্ষী আৰু বন বিভাগৰ চকুত পৰে বৃহৎসংখ্যক দর্শক থকা ইউটিউব চেনেলটো৷ লগে লগে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ইউটিউব চেনেলটোত দেখা পোৱা তিনিও যুৱকক আৰু ডিলিট কৰে চেনেলটোত ইতিমধ্যে আপলোড কৰা ৩৩টা ভিডিঅ’৷ ইফালে, বন বিভাগে সংৰক্ষণ কৰি ৰাখে ডিলিট কৰা সেই ভিডিঅ’সমূহ৷ ইতিমধ্যে জোনাই বন বিভাগে বন্যপ্রাণী সুৰক্ষা আইনৰ ৯, ৩৯, ৪৯ (বি), ৫০, ৫১ আৰু ৫২ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷ গ্রেপ্তাৰ কৰা যুৱক তিনিজন হ’ল– হস্তিনাপুৰৰ মুনিন্দ্র মুছাহাৰী, লাংকা গাঁৱৰ মহেশ্বৰ স্বর্গীয়াৰী আৰু শিৱৰাম স্বর্গীয়াৰী৷ এই সন্দর্ভত ধেমাজি জিলা বন বিষয়া কৃষকান্ত দেডৰীয়ে কয়- ‘বনৰীয়া চৰাইৰ বিচৰণস্থলীলৈ গৈ তেওঁলোকে চৰাই ধৰা আদি কার্যকলাপ সংঘটিত কৰিছিল৷ সেইবোৰ কৰি তেওঁলোকে ইউটিডবত ভিডিঅ’ আপলোড কৰি আছিল৷ ইতিমধ্যে সেইটো সকলোৰে দৃষ্টিগোচৰ হয়৷ আমি বিষয়টো গুৰুত্বসহকাৰে লৈছোঁ৷’ বন বিষয়াগৰাকীয়ে লগতে কয়- ‘ভিডিঅ’টো দেখাৰ পিছতে আমি আৰক্ষীৰ লগতো যোগাযোগ কৰিলোঁ৷ আৰক্ষীৰ সহায় লৈ ইতিমধ্যে আমি তিনিওজনক গ্রেপ্তাৰ কৰিছোঁ৷ আমি বন্যপ্রাণী সুৰক্ষা আইনৰ বিভিন্ন ধাৰাত তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্রহণ কৰিম৷ ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে৷’ তদুপৰি দেউৰীয়ে কয়- ‘এইটো অতি দুর্ভাগ্যজনক যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এনেধৰণৰ এটা কেছ ধৰিবলগীয়া হৈছে৷ আমি ভাবোঁ যে এই বিষয়ত যথেষ্ট সজাগতাৰ প্রয়োজন আছে৷ গ্রামাঞ্চল, ভিতৰুৱা অঞ্চলত সজাগতা সৃষ্টি কৰাৰ প্রয়োজন আছে৷ আগন্তুক দিনত বিভিন্ন সময়ত আমি এনে পদক্ষেপ গ্রহণ কৰিম৷’