বিশেষ বাৰ্তা, ২০ জুলাইঃ আজি ৰাজ্যিক কৃষক মৰ্চাৰ উদ্যোগত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত জালুকবাৰী সমষ্টিৰ আঠিয়াকৈ খেতিপথাৰত ৩ মাহ ধৰি ভূঁই ৰোৱা, কঠীয়া বিতৰণ কাৰ্যসূচীৰ ভিডিঅ’ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এইকেইদিন অসমজুৰি হৈ থকা বানপানীৰ মাজতো ৰাজ্যিক কিষান মৰ্চাই “কৃষক উদগনি যোগোৱা” কাৰ্যসূচী হাতত লৈছে । ভিডিঅ’টোৱে নিশ্চিতভাৱে যুৱ প্ৰজন্মক কৃষি ভিত্তিক কাম-কাজ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। ভিডিঅটো মুকলি কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। অনুষ্ঠানত উপস্থিত থাকে কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য। তেওঁৰ নেতৃত্বতেই এনে এক অতি অভিনৱ পৰিকল্পনা কৰা হৈছে। ভিডিঅ মুকলি অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰন সম্পাদক দীপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক উপসভাপতি তথা কৃষক মৰ্চাৰ প্ৰভাৰী অশোক ভট্টৰাই, ৰাজ্যিক উপ-সভানেত্ৰী ৰেখা ৰাণী দাস বড়োৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ।