নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাত লাট মণ্ডলক গ্ৰেপ্তাৰ ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ২০ মে’ : মুকালমুৱাস্থিত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অসম চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰন সঞ্চালকালয়ৰ আৰক্ষীয়ে আকস্মিক অভিযান চলাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী ভূমি ৰাজহ সহায়ক (লাট মণ্ডল) আৰু কাৰ্যালয়টোৰ এগৰাকী গাড়ীচালকক উপঢৌকন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰন সঞ্চালকালয়ত এগৰাকী লোকে অভিযোগ দিয়া অনুসৰি নিজৰ মৃত ভাতৃৰ নাম জমাবন্দী বহীত সুধৰণিৰ বাবে দুই অভিযুক্তই লোকজনৰ পৰা ২৪০০০ টকা দাবী কৰিছিল। গাড়ী চালক তপন সিংহক নগদ ১০০০০ টকাৰ সৈতে দুৰ্নীতি নিবাৰণৰ আৰক্ষীয়ে হাতেলোতে পাই তেওঁক আটক কৰে। এই ষড়যন্ত্ৰত জড়িত থকাৰ বাবে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লোকেশ নাইডিং নামৰ লাট মণ্ডল গৰাকীকো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত ১৯/০৫/২০২৫ইং তাৰিখত এচিবি পিএছ কেচ নং ৩৩/২০২৫ আৰু ৬১(২)(এ)বিএনএছ, আৰ/ডব্লিউ ৭(এ) ধাৰা অনুসৰি এটা গোচৰ ৰুজু কৰা হয়।

প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা
You might also like