নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিআইজি ৰৌণক আলী হাজৰিকাৰ বাসগৃহ–গুদামত ভিজিলেঞ্চ

চৰকাৰৰ অনুমতি নোলোৱাকৈ বহুবাৰ বিদেশ ভ্রমণ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে আজি অসম আৰক্ষীৰ নিলম্বিত বিষয়া ৰৌণক আলী হাজৰিকাৰ বাসগৃহত চলাইছে তালাচী অভিযান৷ আৰক্ষী বিষয়াজনৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত অট্টালিকাত চলোৱা এই অভিযানত লোকনির্মাণ বিভাগেও সহযোগ কৰে৷

উল্লেখ্য যে অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ–মহাপৰিদর্শক হিচাপে কার্যনির্বাহ কৰি থকা অৱস্থাতে ৰৌণক আলী হাজৰিকাই ১৩বাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷ গৃহ বিভাগৰ অনুমতি অবিহনেই এইজন আইপিএছ বিষয়াই কিদৰে ১৩বাৰকৈ বিদেশ ভ্রমণ কৰিবলৈ সক্ষম হ’ল, তাক লৈ চর্চাৰ পিছতেই তৎকালে কার্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছিল আৰক্ষী বিষয়াজনক৷ মুখ্যতঃ এই নিলম্বনৰ পিছতে ৰৌণক আলী হাজৰিকাৰ আয়ৰ উৎস আৰু সম্পত্তিৰ তথ্য বিচাৰি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে তদন্ত চলাই আছিল৷ যোৱা ৪০ দিনত চলোৱা এই তদন্তকালতেই ৰৌণক আলী হাজৰিকাৰ বেংক একাউণ্টত ৩ কোটি টকা জমা হোৱাৰ এক তথ্য লাভ কৰে তদাৰকী গোটে৷ এই ধনৰ উৎসৰ তথ্য সদৰী কৰিব নোৱাৰা আৰক্ষী বিষয়াজনে তদন্তকালতো সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে নলবাৰী, কামৰূপ আৰু দৰং জিলাত আৰক্ষী অধীক্ষক ৰূপে দীর্ঘ সময় কার্যনির্বাহ কৰা ৰৌণক আলী হাজৰিকাই কেইবাজনো জ্যেষ্ঠ সহকাৰীক অতিক্রম কৰি আইপিএছলৈ মনোনীত হৈছিল৷ এই বিষয়টোক লৈও যথেষ্ট বিতর্কৰ সৃষ্টি হৈছে৷ এনে বিতর্কৰ পূর্বেই আৰক্ষী বিষয়াজনে দৰং জিলাত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকাৰ সময়ত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছিল৷ মুখ্যতঃ সেই সময়ৰ পৰাই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বাহিৰতো সম্পত্তিৰ পাহাৰ গঢ়া ৰৌণক আলী হাজৰিকাই হিমাচল প্রদেশ, দিল্লী, গুৰগাঁৱতো ফ্লেট ক্রয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷

মুখ্যমন্ত্রীৰ তদাৰকী গোটে মঙলবাৰে হেঙেৰাবাৰীস্থিত হাজৰিকাৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত লোকনির্মাণ বিভাগৰ কেইবাজনো অভিযন্তাই এই অট্টালিকাটোৰ নির্মাণত কিমান টকা ব্যয় কৰা হৈছে আৰু আৰক্ষী বিষয়াজনৰ ঘৰৰ ভিতৰৰ আচবাবসমূহৰো মূল্যৰ হিচাপ কৰে৷ সমান্তৰালভাৱে আজি তদন্তকাৰী দলটোৱে ৰৌণক আলী হাজৰিকাৰ ফটাশিল আমবাৰীস্থিত আন এটা সম্পত্তিতো তালাচী চলায়৷ উল্লেখ্য যে নিলম্বিত আৰক্ষী বিষয়াজনে গুৱাহাটীৰ ইছলামপুৰ, পাঞ্জাবাৰী আৰু হাতীগাঁৱত ফ্লেট ক্রয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷

You might also like