নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আত্মসমর্পণ শীর্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শান্তি প্রক্রিয়াৰ প্রতি সঁহাৰি জনাই মূলসুঁতিলৈ উভতি আহিল দুর্ধর্ষ মাওবাদী নেতা টিংৰাজ ওৰাং৷ মঙলবাৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন নাথৰ ওচৰত আত্মসমর্পণ কৰি টিংৰাজ ওৰাঙে ভাৰতীয় সংবিধানৰ প্রতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে৷

উল্লেখ্য যে দীর্ঘসময় ধৰি মাওবাদী কার্যকলাপৰে জড়িত থকা টিংৰাজ ওৰাঙে উজনি অসমত চিপিআই (মাও)ৰ সাংগঠনিক কাম–কাজত জড়িত হৈ আছে৷ বিশেষকৈ ডিব্রুগড়ৰ নাহৰণি জয়পুৰত মাওবাদী সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল ওৰাঙে৷ চিপিআই (মাওইষ্ট) অসম শাখাৰ সাংগঠনিক কমিটীৰ আহ্বায়কৰ দায়িত্বত থকা টিংৰাজ ওৰাঙে বামপন্থী সংগঠন এছএফআই আৰু চিপিআই (মাওইষ্ট)ত যোগদান কৰি ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ সদস্য হিচাপে কাম কৰিছিল৷ ওৰাঙে আদিবাসী চাহ জনগোষ্ঠী সুৰক্ষা সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ইষ্টার্ন ৰিজি’নেল ব্যুৰ’ৰ কিষাণ দাৰ সহযোগত চিপিআই (মাওইষ্ট) উগ্রপন্থী সংগঠনত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

উল্লেখ্য যে ২০১১ চনত টিংৰাজ ওৰাঙে অসমৰ দুজন মাওবাদী সংগঠনৰ সদস্য আদিত্য বৰা আৰু অজয় চাবৰৰ সৈতে ওড়িশাৰ ৰুড়কেল্লাত গ্রেপ্তাৰ হয়৷ ডিব্রুগড় জিলাৰ নাহৰণিৰ জয়পুৰ ব্লকৰ ২নং শামুকতোলা গাঁৱৰ বাসিন্দা টিংৰাজৰ আত্মসমর্পণ মাওবাদী সংগঠনৰ বাবে বৃহৎ আঘাত ৰূপে বিবেচিত হৈছে৷ উজনি অসমৰ লগতে বৰাক উপত্যকাতো মাওবাদী সংগঠনৰ ভেটি শক্তিশালী কৰাত মুখ্য ভূমিকা লোৱা মাওবাদী নেতাজনে মূলসুঁতিলৈ ঘূৰি অহাটো অসম আৰক্ষীৰ বাবেও মাওবাদীৰ বিৰুদ্ধে চলি থকা অভিযান সফলদায়ক বুলি বিবেচিত হৈছে৷

You might also like