বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ’ৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আৰু জিএছটিৰ বিভাগৰ অভিযান। আৰাবল্লী বিনায়ক প্ৰাইভেট লিমিটেড কোম্পানীৰ চাহ বাগিচা ক্ৰয় কৰি চি এম ভিজিলেন্সৰ নজৰত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ। যোৱা ডেৰ মাহ ধৰি চি এম ভিজিলেন্সে বাগিচাসহ বাসগৃহত অভিযান চলাই আছে। সোমবাৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ৰ নিজা বাসগৃহত চিএম ভিজিজেঞ্চ আৰু জিএছটি বিভাগৰ যুতিয়া অভিযান চলে। কৰিমগঞ্জ চহৰৰ সুভাষ নগৰত বিধায়কৰ নিজা ঘৰত জিএছটি বিভাগৰ এডিশন্যাল কমিশ্যনৰ অনিল কুমাৰ জানাল আৰু মুখ্যমন্ত্ৰী তদাৰক শাখা ইন্সপেক্টৰ বিজু শৰ্মা নেতৃত্বত ১২ জনীয়া দলে অভিযান চলায়। দিনৰ ১১টা বজাৰ পৰা আৰম্ভ কৰি বিয়লি চাৰিটালৈকে চলে এই দিঘলীয়া অভিযান। পাচ ঘণ্টা ধৰি মাৰাথান অভিযান চলাই বিধায়কৰ বাস গৃহত। অভিযান কালত বিধায়ক অনুপস্থিতিত আছিল। তেওঁৰ ভাতৃ কল্যান পুৰুকায়স্থ সহ পৰিয়ালৰ বাকী সদস্য সকল উপস্থিত আছিল। তেওঁ লোকৰ উপস্থিতত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখায় জি এছটিৰ বিষয়া সকলৰ সৈতে চাহ বাগিচাৰ ভূমি ক্ৰয় কৰা নথি পত্ৰ আৰু কৰৰ কাগজ পত্ৰ সমূহৰ পৰীক্ষা নিৰীক্ষা চলাই। মাজত বিধায়কৰ ভাতৃ কল্যাণ দে পুৰকায়স্তক লগত লৈ তেওঁ লোকৰ গোদামত অভিয়ান চলায় দলটোৱে।বিধায়ক আৰু তেওঁৰ ভাই লগত আৰু কিছু সহযোগীৰ বিৰুদ্ধে কৰিমগঞ্জৰ এখন চাহ বাগিচা ক্ৰয় কৰাত খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল। বিধায়কগৰাকীৰ বিৰুদ্ধে নীতি বহিৰ্ভূত ভাৱে বাগিচা ক্ৰয় কৰাৰ অভিযোগ লাভ কৰি চিএম ভিজিজেঞ্চে আৰম্ভ কৰিছিল তদন্ত । ইয়াৰ পূৰ্বে ২৭ চেপ্তেম্বৰত বিধায়কজনৰ কৰিমগঞ্জস্থিত প্ৰমোদনগৰ চাহ বাগিচাৰ কাৰ্যালয়ত অভিযান চলায় চি এম ভিজিলেন্সৰ ১০জনীয়া দলে। পিছে কমলাক্ষৰ চাৰি সহযোগীক গুৱাহাটীস্থ কাৰ্যালয়ত তলব কৰে চি এম ভিজিলেন্সে। আনকি বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়, তেওঁৰ ভাতৃ, ভাতৃবধুক গুৱাহাটীলৈ মাতি নি জেৰা চলোৱা হৈছিল। বাগিচাৰ কৰ্মচাৰীক নিলামবাজাৰ থানাত মাতি নি দীৰ্ঘ সময় শোধাপোছা চলাইছিল চি এম ভিজিলেন্সৰ দলে। আজিৰ অভিযান সন্দৰ্ভত বিতন তথা দিয়াৰ পৰা বিৰত থাকে অভিযানকাৰী দলটো।
প্ৰেৰক অসীম দেব