নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত ৰঙিয়া থানাৰ এছ‌আই ইবো তম্বি সিনহা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : ৰঙিয়া থানাত আজি সন্ধিয়া দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই উপ-পৰিদৰ্শক ইবো তম্বি সিনহাক গ্ৰেপ্তাৰ কৰে। ধৃত আৰক্ষী বিষয়াগৰাকীয়ে এজন আৰক্ষী জোৱানক উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰে‌। ধনলোভী বিষয়াজনে আৰক্ষীৰ সাক্ষী দিয়াৰ বাবে অহা-যোৱা খৰচৰ বাবদ জোৱানজনৰ পৰা উক্ত উৎকোচ বিচাৰিছিল। সাতজনীয়া অভিযানকাৰী দলটোৱে হাতে-লোটে আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত দুৰ্নীতিপৰায়ণ বিষয়াজনৰ অৱসৰ ল’বলৈ মাত্ৰ দুবছৰ বাকী আছিল। জানিব পৰা মতে ধৃত উপ পৰিদৰ্শকজনৰ ঘৰ শিলচৰত। ৰঙিয়া থানাৰ ভিতৰত আটকাধীন বিষয়াজনক জেৰা অব্যাহত ৰাখিছে। ঘটনা বিৱৰণী অনুসৰি, এজন আৰক্ষী জোৱানৰ পত্নীৰ আত্মহত্যাৰ গোচৰৰ তদন্তকাৰী বিষয়া আছিল এইগৰাকী ধৃত উপ-পৰিদৰ্শক। আদালতত সাক্ষী দিবৰ বাবে অহা-যোৱা কৰাৰ বাবদ আৰক্ষী জোৱানৰ পৰা ধন বিচাৰিছিল তদন্তকাৰী বিষয়া ইবু তম্বি সিনহাই। এনে সময়তে আজি দুৰ্নীতি নিবাৰক শাখাই নিশ্চিত তথ্যৰ ভিত্তিত উপ-পৰিদৰ্শক সিনহাক গ্ৰেপ্তাৰ কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like