নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপশিখা বৈশ্যক বংশৰৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে গাঁওবাসীয়ে  

গড়চুক কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা দীপশিখা বৈশ্যৰ বিৰুদ্ধে সৰৱ গাঁওবাসী

বিশেষ বাৰ্তা, ১৬ মে’ : গড়চুক কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা দীপশিখা বৈশ্য বিৰুদ্ধে স্বামীৰ গাওঁ  কামৰূপৰ বংশৰত স্থানীয় মহিলা সকল সৰৱ হৈ পৰিছে ৷ দীপশিখা কৰ্মকাণ্ডই লজ্জিত কৰিছে গাওঁবাসীক৷ গড়চুকত উদীয়মান অভিনেতা মৃগাংক বৰ্মনৰ হত্যাকাণ্ডৰ লগত নাম সাঙোৰ খোৱা দীপশিখা বৈশ্য বৰ্তমান মুকলি আকাশৰ তলত থাকিলেও বংশৰত থকা স্বামীৰ গৃহত কোনোপধ্যেই আহিবলৈ নিদিয়ে বুলি  স্থানীয় মহিলা সকলে হুংকাৰ দিয়ে ৷

স্বামী আৰু দুই সন্তানৰ সৈতে এখন সুখৰ সংসাৰ থকাৰ পিছতো অন্য পুৰুষৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় মহিলাসকলে৷ সেয়েহে এনেহেন চৰিত্ৰহীনা বোৱাৰী  সমাজখনৰ বাবে ক্ষতিকাৰক, লজ্জাজনক৷ যাৰ বাবে দীপশিখা বৈশ্যক গাঁওত প্ৰবেশত বাধা আৰোপ কৰিছে স্থানীয় মহিলাসকলে। আনহাতে, দীপশিখাৰ ভূলৰ বাবে সংঘটিত হৈছে মৃগাংক বৰ্মনৰ হত্যাকাণ্ড।

দীপশিখা এগৰাকী চৰিত্ৰহীনা মহিলা। ৰাজু আলী নামৰ মুছলমান যুৱকৰ লগত তেওঁৰ অবৈধ সম্পৰ্ক আছে৷ ‘প্ৰথমে আমি ইমান গম পোৱা নাছিলোঁ’৷ ‘তাই এগৰাকী চৰিত্ৰহীনা নাৰী তাইক আমাৰ গাঁৱত সোমাব দিয়া নহ’ব ৷

দীপশিখাই ‘পূৰ্বেও দুই-তিনিবাৰ স্বামী থকাৰ পিছতো অন্য পুৰুষৰ সৈতে পলাইয়ো গৈছিল৷ এনেহেন চৰিত্ৰহীনা মহিলাৰ বাবে আমি লজ্জাবোধ কৰিছো বুলি মন্তব্য বংশৰ বিলৰ পাৰৰ  স্থানীয় মহিলাসকলৰ৷ এই লৈ  বংশৰ বিলৰ পাৰৰ স্থানীয় মহিলা সকলে  দীপশিখা বৈশ্যৰ স্বামীৰ গৃহৰ সন্মুখত অৱস্থান কৰি স্বামী পৰমা বৈশ্যক ভৱিষ্যতে দীপশিখা বৈশ্য গাওঁত প্ৰৱেশ কৰিব নোৱাৰিব বুলি অৱগত কৰায়৷

প্ৰেৰক দিলীপ মেধি

You might also like