চিৰাঙৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতে হাতে মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ তাণ্ডৱ
নিয়মীয়া বাৰ্তা,৩০ মাৰ্চ: চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী দুখনকৈ গাঁৱত যোৱানিশা অচিনাক্ত দুৰ্বৃত্তই হাতে হাতে মাৰণাস্ত্ৰ লৈ তাণ্ডৱ চলোৱা কাৰ্যই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ৰমে শান্তিৰ পৰিৱেশ ঘূৰি অহা জিলা খনৰ উত্তৰাঞ্চলত কালি নিশা সংঘটিত ঘটনাৰ খবৰ বিয়পাৰ পিছতে জিলা খনৰ উত্তৰাঞ্চলৰ বাসিন্দা সকল আতংকিত হৈ পৰিছে। আমগুৰি থানাৰ অন্তৰ্গত আমটেকা আৰু মালিভিটাত দুটা পৰিয়ালৰ ঘৰৰ বাহিৰত আৰু ভিতৰৰ বেৰ,লোৰ আলমাৰিত পিষ্টলৰে গুলী ফুটাই ত্ৰাসৰ সৃষ্টি কৰি পৰিয়াল দুটাৰ পৰা ধন দাবী কৰে। নিশা প্ৰায় ৭:৩০ ৰ পৰা ৮ বজাৰ ভিতৰত ৬ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে পৰিয়াল দুটাৰ পৰা ৬ লক্ষাধিক নগদ ধন আৰু সোণৰ অলংকাৰ লুটি লৈ যায়। দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে জৌমনাগুৰিৰ অবিনাশ মুছাহাৰী এজন লোকৰৰ ঘৰৰ পৰা ২ লাখ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়ে। তাৰ পাছতে মালিভিটা ইন্দ্ৰপুৰৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰৰ পৰা ৪ লাখ টকা আৰু মূল্যৱান সামগ্ৰী লুটি লৈ যায়। দুৰ্বৃত্তৰ আগমনৰ উমান পোৱা মাত্ৰেই কৃষ্ণা লুইটেলে ঘৰৰ পিছফালে পলায়ন কৰি প্ৰাণ ৰক্ষা কৰাৰ বিপৰীতে অবিনাশ মুছাহাৰীয়ে ভয়ত কম্পমান হৈও ধৈৰ্য্য সহকাৰে দুৰ্বৃত্তৰ মুখামুখি হৈ ঘৰত টকা-পইচা একোৱেই নাই বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিও বিফল হয়। মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত মাৰণাস্ত্ৰ লৈ অহা দুৰ্বৃত্তৰ দলটো অচিনাক্ত যদিও বড়ো যুৱক বুলি মন্তব্য কৰে। আজি চিৰাং জিলা আৰক্ষী অধীক্ষক সমন্বিতে এক বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোক ডকাইতৰ দল বুলি মন্তব্য কৰে। ঘটনাৰ সৈতে জড়িত ডকাইত কেইজনক শীঘ্ৰে আটক কৰিবলৈ চিৰাং আৰক্ষী সক্ষম হ’ব বুলি জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে ঘোষণা কৰে।।
প্ৰেৰক: বিপুল কুমাৰ দাস