নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সম্প্ৰতি এটা ফোনকলৰ ৰেকৰ্ডিঙে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ নাম। উল্লেখ্য যে ২০০৪ বৰ্ষত ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত হোৱা এক চুক্তিনুসৰি নিৰ্মাণ কৰা হৈছিল সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ তথা স্থল বন্দৰ। ২০১৪ চনৰ ২৮ এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল এই আন্তঃৰাষ্ট্ৰীয় এই স্থল বন্দৰটো।
📌 বিধায়ক মনোৰঞ্জন তালুকদাৰক লাগে এটা HEAVY AMOUNT ! 📌 বিধায়কৰ AMOUNT COLLECTIONৰ ফোনকল ভাইৰেল।
কিন্তু কাৰ্যক্ষম হোৱাৰ পিছৰে পৰা সোনাহাটত ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্য চলাৰ সময়ে সময়ে উত্থাপিত হৈ অহা আহিছে বহু অভিযোগ। ২০২০ বৰ্ষৰ ২৩ জুলাইত অসমৰ তদানীন্তন ৰাজ্যপাল জগদীশ মুখীক সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত চলি থকা ছিণ্ডিকেটৰাজৰ ফলত চৰকাৰে দৈনিক আনুমানিক প্ৰায় ১ লাখ টকাৰ ৰাজহ হেৰুৱাই থকাৰ বিস্ফোৰক অভিযোগ তুলি এখন স্মাৰক পত্ৰও ই-মেইলযোগে প্ৰেৰণ কৰিছিল সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই। কেৱল এয়াই নহয়; অন্যান্য কেইবাটাও দল-সংগঠনকে ধৰি সোনাহাটৰ চিণ্ডিকেটক লৈ সৰব হৈ উঠিছিল গোলকগঞ্জৰ স্থানীয় কংগ্ৰেছ বিধায়ক আব্দুল সোৱাহান সৰকাৰেও। ২০২৩ বৰ্ষৰ ২০ নৱেম্বৰত সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰটোত উপস্থিত হৈছিল তেওঁ। কেন্দ্ৰটোত কৰ্মৰত শুল্ক বিভাগৰ বিষয়ক সাক্ষাৎ কৰাৰ পিছত উপস্থিত সংবাদকৰ্মীসকলৰ সন্মুখত সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ যোৱা শিলভৰ্তি প্ৰতিখন ট্ৰাকে চিণ্ডিকেট বাহিনীক ১০,৫০০ টকা দিব লাগে বুলি বিষ্ফোৰক ভাষ্য প্ৰদান কৰিছিল বিধায়কগৰাকীয়ে।
ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব
চিণ্ডিকেট বাহিনীয়ে বিশেষ এটা বিশেষ “ৱে ব্ৰিজ”ৰ ৰচিদ প্ৰদানৰ বিনিময়ত ট্ৰাক প্ৰতি ১০,৫০০ টকাকৈ সংগ্ৰহ কৰি থকা বুলি দাবী কৰাৰ সমান্তৰালকৈ সেই বিশেষ ৱে ব্ৰিজৰ ৰচিদ নহলেও বাণিজ্য কেন্দ্ৰটোৰ শুল্ক বিভাগে ক্লিয়াৰেঞ্চ নিদিয়ে বুলি উল্লেখ কৰি আওপকীয়াকৈ সীমা শুল্ক বিভাগৰ বিৰূদ্ধেও গুৰুতৰ অভিযোগ আনিছিল তেওঁ। সিদিনা বিধায়কগৰাকীয়ে বিগত কিছু মাহৰ পৰা বিশেষ এটা চক্ৰই এইদৰে সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত দৈনিক দৈনিক লাখ টকা সংগ্ৰহ কৰি থকা বুলিও দাবী কৰাৰ সমান্তৰালকৈ চিণ্ডিকেট বাহিনীৰ দৌৰাত্মৰ ফলত অঞ্চলটোৰ স্থানীয় ট্ৰাকৰ মালিকে নিজৰ ট্ৰাক বিক্ৰী কৰিবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হোৱা বুলিও মন্তব্য কৰিছিল। আনকি, সাংবাদিকৰ কেমেৰাৰ সন্মুখত শীঘ্ৰে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত সক্ৰিয় হৈ থকা চিণ্ডিকেট বাহিনীৰ তাণ্ডব বন্ধ নহলে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ সমান্তৰালকৈ অসম বিধানসভাৰ মজিয়াতো বিষয়টো উত্থাপন কৰিব বুলিও হুংকাৰ দিছিল তেওঁ। অৱশ্যে পিছলৈ গৈ ৰহস্যজনকভাৱে বিষয়টো লৈ নিমাতী কইনাৰ ৰূপ লোৱাহে প্ৰত্যক্ষ কৰিছিল ৰাইজে। দলীয় বিধায়ক সোবাহান আলী সৰকাৰৰ অনুৰূপে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও মাজত সোনাহাটৰ চিণ্ডিকেটক লৈ সৰৱ হৈ পৰা দেখা গৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী