নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ একাধিক বিতৰ্কিত কাম-কাজ, ভাবুকিৰ গোচৰত অভিযুক্ত কূখ্যাত মৎস্য ব্যৱসায়ী জীৱন দাসক ভাইৰেল গুলি বৰ্ষণ কাণ্ডৰ এটা পষেক অতিক্ৰম কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আত্মৰক্ষাৰ নাম লৈ অসম চৰকাৰৰ পৰিৱৰ্তে নগালেণ্ড চৰকাৰৰ পৰা ৰহস্যজনক পিষ্টলৰ অনুজ্ঞা পত্ৰ লাভ কৰা জীৱন দাস নামৰ ব্যৱসায়ীজনে অনুজ্ঞাপত্ৰ থকা পইন্ট থ্ৰি- টু পিষ্টলেৰে বিগত সময়চোৱাত প্ৰতিদ্বন্দী মৎস্য ব্যৱসায়ীক ধাৰাবাহিক ভাবুকি প্ৰদাণ কৰাৰ অভিযোগে এতিয়া নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ধন বল-বাহু বল-অস্ত্ৰ বলৰ লগতে জিলা মীন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি ওভোট গোৰে নঁচা জীৱন দাসৰ অনুজ্ঞা পত্ৰ থকা পইন্ট থ্ৰি -টু ব’ৰৰ পিষ্টলতো হৈ পৰিছিল প্ৰতিদ্বন্দী গোটক ভাবুকি প্ৰদাণ কৰাৰ অন্যতম আহিলা ৷এক মাত্ৰ পিষ্টলৰ আতংকত বিগত পাঁচটা বছৰে মৎস্য ব্যৱসায়ৰ পৰা আতৰি থকা আখৈফুটীয়া, চৰগুৱাৰ ক্ষুদ্ধ ব্যৱসায়ী সকলে জীৱন দাসৰ পিষ্টল আৰক্ষীয়ে জব্দ কৰাৰ পিছতেই মুখ খুলিবলৈ বাধ্য হৈছে ৷আজিৰ পৰা তিনিটা বছৰৰ পুৰ্বেই নাবালক পুত্ৰৰ হাতত পিষ্টল তুলি বৃহত্তৰ আখৈফুটীয়া-চৰগুৱা অঞ্চলত মৎস্য সম্ৰাট হবলৈ আগবঢ়া কূখ্যাত জীৱন দাসে মীন বিষয়াৰ সৈতে মিলি কি দৰে লাখ লাখ টকাৰ ৰাজহ চৰকাৰক ফাঁকি দি আহিছিল সেই সম্পৰ্কতো ন- ন তথ্য পোহৰলৈ আহিব ধৰিছে ৷এই সন্দৰ্ভদ আমাৰ হাতত পৰা তথ্য অনুসৰি দিচাং দ্বিতীয় খণ্ড মীন মহল বন্দোৱস্তিৰ বাবে ভগামূখ মীন পালন আত্ম সহায়ক গোটৰ সম্পাদক জীৱন দাসে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ বাকী জাই গোচৰ নং, ১/ ২০২০ ৰ অধীনত মুঠ ৯ লাখ ৮৩ হাজাৰ তিনিশ টকাৰ ৰাজহ আদায় দিবলৈ বাকী থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷এই সন্দৰ্ভদ অতিৰিক্ত উপায়ুক্ত ৰাজহক বিহিত ব্যৱস্থাৰ নিৰ্দেশ আয়ুক্তই দিছিল যদিও সেইয়া ফুটুকাৰ ফেনত পৰিণত হল ৷ ইফালে ডিমৌ, দৰিকা, দিচাং, দিৰৈ নদীৰ মীন মহলৰ বন্দোৱস্তিৰ বাবদো এই গৰাকী ধূৰন্দৰ জীৱন দাসে প্ৰায় নব্বৈ লাখ টকাৰ ৰাজহ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷সহজ – সৰল গঞা ৰাইজৰ নামত সমবায় খুলি পৰৱৰ্তী সময়ত সকলো ধন উদৰস্থ কৰি অহা প্ৰায় কুৰি গৰাকী ব্যক্তিয়ে এতিয়াও উপায়ুক্তৰ কাৰ্য্যালয়ৰ বাকী জাইৰ গোচৰৰ মেৰ পেচত সোমাই বিনিদ্ৰ ৰজনী পাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷জীৱন দাসৰ কূ- কীৰ্তিৰ বিৰুদ্ধে মাত মাতিলেই পিষ্টলৰ মৃত্যুৰ ভাবুকি লাভ কৰা বহু কেইগৰাকীয়ে ব্যৱসায়ীয়ে বিগত ৪ টা বছৰত আৰক্ষী থানাত জীৱন দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷আন নালাগে যোৱা ১২ চেপ্টেম্বৰ তাৰিখেও ঘোকা শিঙৰাজান মীন সমবায় সমিতিয়েও এই গৰাকী ধূৰন্দৰ জীৱন দাসৰ কূ- কীৰ্তি উদঙাই সকলো অনিয়মৰ তথ্য সামৰি ৰাজ্যৰ মীন মন্ত্ৰী গৰাকীলৈ এখনি স্মাৰক পত্ৰ দাখিল কৰিছিল৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ভাইৰেল গুলি বৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত জীৱন দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাহে পৰিলক্ষিত নহল ৷বিশেষকৈ এটকাও ৰাজহ আদায় নিদিয়াকৈ তথা লক্ষ লক্ষ টকা ৰাজহ ফাঁকি দিয়াৰ পিছতো ইখনৰ পিছত সিখন লাভ লাভ জনক মীন মহলৰ বন্দোৱস্তি কি দৰে জীৱন দাস বাহিনীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বহু মৎস্য ব্যৱসায়ীয়ে ৷ইয়াৰোপৰি জীৱন দাসে প্ৰতিদ্বন্দী মৎস্য ব্যৱসায়ীক পিষ্টলৰ ভাবুকি প্ৰদাণ কৰাৰ সন্দৰ্ভদ আৰক্ষী থানাত ভূক্তভোগীয়ে দাখিল কৰা অভিযোগ থানাৰ পৰাই অন্তধ্যাণ হোৱাৰো ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে ৷কিয়নো অতি ৰহস্যজনক ভাৱে জীৱন দাসৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ পৰৱৰ্তী সময়ত আদালত নোপোৱাৰ ঘটনাই ভূক্তভোগীৰ সন্দেহ অধিক গভীৰ কৰি তুলিছে ৷ অন্যহাতেদি ভাইৰেল গুলি বৰ্ষণ কাণ্ডৰ সন্দৰ্ভদ ১৬১/ ২০২৩ নম্বৰৰ শিৱসাগৰ সদৰ থানাত পঞ্জীয়নভূক্ত নিজাববীয়া গোচৰটোৰ সন্দৰ্ভদো আৰক্ষীয়ে পাঁচ জাই গুলি সহ পইন্ট- থ্ৰি টু ব’ৰৰ পিষ্টলটোৰ লগতে পাঁচ জাই গুলি জব্দৰ বিপৰীতে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটৰ বাবে আৰক্ষীয়ে বিছাৰি পোৱা নাই জীৱন দাসক ৷ চলিত মাহৰ অক্টোবৰত নবীকৰণ কৰিব লগীয়া জীৱন দাসৰ নগালেণ্ডৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰ বিপৰীতে কেই জাঁই গুলি লগত ৰখাৰ অনুমতি আছিল তাৰ কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই ৷সাধাৰণতে ১২ ৰ পৰা ২৪ জাঁই পৰ্য্যন্ত গুলি ক্ৰয় কৰি লগত ৰখাৰ অনুমতি থকা জীৱন দাসে ইয়াৰ পুৰ্বেও আন স্থানত গুলি বৰ্ষণ কৰিছিল তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে ৷কিয়নো পইন্ট থ্ৰি-টু পিষ্টলৰ এটা মেগজিনত ৮টা গুলি সোমাই আৰু একোটা গুলিৰ বজাৰ মূল্য মাত্ৰ দুশ টকা ৷সাধাৰণতে দুটাৰ পৰা তিনিটা মেগজিন অৰ্থাত ২৪ জাঁই গুলি অনায়াহে ক্ৰয় কৰি বহণ কৰিব পৰা জীৱন দাসৰ জিম্মাৰ পৰা মাত্ৰ পাঁচ জাঁইহে গুলি উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ঘটনা অধিক ৰহস্য ঘন কৰি তুলাৰ লগতে ইয়াৰ পুৰ্বে আন কোনো অজ্ঞাত স্থানত দাসে নিজৰ পিষ্টলৰ পৰা গুলি বৰ্ষণ কৰাৰ সন্দেহ অধিক ঘৰ্ণীভূৰ্ত হৈছে ৷কিন্তু অদ্যপৰিমিত শিৱসাগৰ আৰক্ষীয়ে জীৱন দাসক আটক কৰিব নোৱাৰা তথা জব্দকৃৰ্ত পিষ্টলটো ফৰেনচিক পৰীক্ষাৰ ব্যৱস্থা নকৰাৰ ঘটনাই প্ৰকৃত ঘটনা তল পেলাব বুলিহে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷সচেতন মহলে জীৱন দাসৰ ভাইৰেল গুলি বৰ্ষণ কাণ্ডৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰা, গুলি বৰ্ষণৰ লগত প্ৰতক্ষ্য ভাৱে জড়িত পুত্ৰ সহিতে দুই বন্ধুক আটক কৰা তথা কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে লাভজনক মীন মহল সমুহৰ ৰহস্যজনক বন্দোৱস্তি লাভ কৰা সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় অনুসন্ধানৰ দাবী জনাইছে সচেতন মহলে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান