নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ৯ জুন : সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ জুনত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি ঐতিহ্যমণ্ডিত নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক খেলপথাৰত চাৰি শতাধিক লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়।উক্ত লাইখুঁটা স্থাপন কাৰ্যসূচীত স্থাপক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড° বীৰেন ডেকা, ড° চিৰঞ্জীৱ জৈন, ভবেন্দ্ৰ নাথ ভট্টাচাৰ্য, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱা, বিশিষ্ট সাহিত্যিক গোকুল ডেকা, বিশিষ্ট শিক্ষাবিদ ড° দিনমণি ভাগৱতী, ফণীধৰ ডেকা, বিশিষ্ট শিল্পী ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ লগতে অনুষ্ঠানৰ লাইখুঁটা স্থাপক হিচাপে থাকে  নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ। অনুষ্ঠানৰ সন্মানীয় অতিথিৰূপে উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা কেন্দ্ৰীয় ৰাভা দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ড° কমল নয়ন পাটোৱাৰী, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মা, নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শেৱালি বৰুৱা। ভাষণত নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই কয়- বিষ্ণু প্ৰসাদ ৰাভা আছিল মাটি আৰু জনতাৰ মানুহ। হালোৱা-হজুৱা, কৃষক-বণুৱাৰ সৈতে মিলি আছিল ৰাভা । এইগৰাকী গণশিল্পীৰ সোঁ‌ৱৰণত ৰাভা দিৱস নলবাৰীত অনুষ্ঠিত কৰা বাবে “আছু”ক ডাঃ বেজবৰুৱাই উচ্চ প্ৰশংসা কৰে । কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ভৱজিৎ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত নলবাৰী জিলাৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰিয়াজ উদ্দিন আহমেদ, সুকুমাৰ শৰ্মা, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সম্পাদক সমৰজ্যোতি মহন্ত, জিলা আছুৰ উপদেষ্টা তথা অভ্যৰ্থনা সমিতিৰ সম্পাদক গুণজ্যোতি পাঠক, অক্ষয় ডেকা, তন্ময় কাজি, বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ বিভিন্ন স্তৰৰ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটোত আয়তীসকলৰ নাম-প্ৰসংগ, নাগাৰা নাম দলৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে ১৯ আৰু ২০ জুনত অনুষ্ঠিত হ’ব লগা আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত ১৯ জুনত সদৌ অসম ভিত্তিত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আদিৰ পিছত নিশা স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান আৰু ২০ জুনত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিষ্ণু ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, ১১ বজাত মুকলি সভা, স্মাৰক গ্ৰন্থ উন্মোচন, শিল্পী সম্বৰ্ধনা আদিৰ লগতে নিশা আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰিব।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like