নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকৰ্মা পূজাৰ নিশা নৈশভোজৰ গইনা লৈ কাৰ্যালয়ত সুৰাৰ আড্ডা

🔹 কি চলিছে ধুবুৰী পৌৰসভাত !

🔹 বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : কি চলিছে ধুবুৰী পৌৰসভাত! বিশ্বকৰ্মা পূজাৰ দিনটোতে ধুবুৰী পৌৰসভা কাৰ্যালয়ত যোৱানিশা বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হোৱা সাংবাদিকৰ দল এটাই সন্মুখীন হোৱা এক অপ্ৰীতিকৰ ঘটনাৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। জানিব পৰা মতে, ৰাজ্যৰ দুটাকৈ ছেটেলাইট চেনেলৰ সাংবাদিককে ধৰি ডিজিটেল প্লেটফৰ্মৰ ধুবুৰীৰ সাংবাদিকে কালি নিশা ভাগত ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ত সুৰাৰ আড্ডা বহা বুলি এক খবৰ পাইছিল। সেই খবৰৰ সত্যতা নিশ্চিত কৰিবলৈ এগৰাকী ভিডিঅ’ জাৰ্নেলিষ্টসহ সাংবাদিকৰ তিনিজনীয়া দলটো উপস্থিত হৈছিল কাৰ্যালয়টোত। জানিব পৰা মতে, তেওঁলোকে পোৱা তথ্য সত্যত পৰিণত কৰি ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ এটা কোঠালিত সুৰাৰ আড্ডা বহাৰ ঘটনা বন্দী হৈছিল দলটোৰ কেমেৰাত। অভিযোগ অনুসৰি, কেমেৰাত সেই ভিডিঅ’ আবদ্ধ কৰি কাৰ্যালয়টোৰ পৰা ওলাই অহাৰ পিছমূহুৰ্তত পৌৰসভাৰ এগৰাকী কৰ্মচাৰীৰ নেতৃত্বত আন একাংশ কৰ্মচাৰীকে ধৰি কেইগৰাকীমান বাহিৰা ব্যক্তিয়ে সাংবাদিকৰ দলটোক উভতি ধৰি গালি-গালাজ পাৰিবলৈ লয়। আনকি সেই সময়ত অকস্মাতে মাৰপিট কৰাৰ অভিযোগো আনিছে সাংবাদিকে। জানিব পৰা মতে, এইমৰ্মে যোৱানিশাই ধুবুৰী পৌৰসভাৰ মুখ্য সহায়ক জয় কুমাৰ ৰয়কে ধৰি সৰ্বমুঠ ১২গৰাকী ব্যক্তিৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰিছে সাংবাদিকগৰাকীয়ে। ইপিনে, কালিৰ সেই ঘটনাটোৰ পিছত ধুবুৰী পৌৰসভাত দুগৰাকীকৈ মুখ্য সহায়ক থকা বুলি এক চমকপ্ৰদ তথ্যও উঠি আহিছে। ইপিনে, কালিৰ সাংবাদিকৰ দলটোক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগৰ আঙুলি উঠা কাৰ্যালয়টোৰ কোনো এগৰাকী কৰ্মচাৰীকেই পৌৰসভা কৰ্তৃপক্ষই বৰ্তমানলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা নাই বুলিও প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like