নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৮ মেঃ বিজেপিৰ কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই আজি কৰিমগঞ্জৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰে। সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰাৰ লগতে আজি সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো অংশগ্ৰহণ কৰে। সীমান্ত ভ্ৰমণ কৰি দিনে-নিশাই জাগ্ৰত প্ৰহৰী হিচাবে কামত ব্যস্ত থকা বি এছ এফৰ দায়িত্বত থকা বিষয়া তথা জোৱানসকলৰও সৈতে মত-বিনিময় কৰে। মত বিনিময় কৰি উপ-সভাপতিগৰাকীয়ে কয় যে সৰু কালৰ পৰা হৃদয়ত সদায় কৃষক আৰু জোৱানৰ প্ৰতি আছে এক সদ্ভাৱ। কৃষক আৰু জোৱানৰ সীমাহীন দুখ-বেদনা সদায়ে অনুভৱ কৰি আহিছোঁ। সেয়ে সুবিধা অকণমান উলিয়াই আজি জোৱানসকলৰ সৈতে ভাব বিনিময় কৰিলোঁ। উল্লেখ্য যে সম্প্ৰতি কৰিমগঞ্জ ভ্ৰমণ কৰি আছে বিজেপি কিষাণ মৰ্চাৰ উপ-সভাপতিগৰাকীয়ে। কালি তেওঁ কৰিমগঞ্জৰ দুৰ্লভছেৰা মণ্ডল বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভাতো অংশগ্ৰহণ কৰিছিল।

You might also like