নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক চেংলুং চাহ বাগিচাৰ ‘চাহাবখানা’ত দৰ্শনাৰ্থীৰ ভিৰ

🔹 অসংযত অৱস্থাত যুৱক-যুৱতী উদ্ধাৰ : চিন্তিত স্থানীয় ৰাইজ
বিশেষ বাৰ্তা, ৯ আগষ্ট : চৰাইদেউ জিলাৰ চফ্ৰাইৰ ঐতিহাসিক চেংলুং চাহ বাগিচাৰ চাহাবখানা ইতিমধ্যে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় পৰ্যটন স্থলী হিচাপে পৰিচিত হৈছে। বিশেষকৈ গ্ৰীষ্মকালত ঠাইডোখৰত চাৰিওদিশে থকা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ মাজৰ পৰা নামি অহা জুৰিৰ শীতল পানীয়ে পৰ্যটকক হাতবাউলি মাতে। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া ঐতিহাসিক ঠাইখনৰ বাট-পথসমূহৰ সুচল ব্যৱস্থা হোৱাৰ লগে লগে নিতৌ পৰ্যটকৰ আগমন হয়। বিশেষকৈ দেওবাৰৰ দিনটোত অসংখ্য পযটকৰ আগমন হয় ঠাইডোখৰলৈ। ইয়াৰে অধিকাংশ যুৱক-যুৱতীৰ অঞ্চলটোলৈ আগমন হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পৰ্যটক ৰূপে অহা বহু কম বয়সীয়া যুৱক-যুৱতীয়ে সুৰাপান কৰি ঠাইখিনিত অসুস্থ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। অভিযোগ অনুসৰি, যোৱা দেওবাৰে চাহাবখানালৈ অহা বহু পৰ্যটকৰ মাজতে কেইজনমান যুৱকৰ সৈতে অহা চাৰিগৰাকী যুৱতী মদৰ ৰাগিত মাতাল হৈ সন্ধিয়ালৈকে ঠাইখনত থকাত ৰাইজে আটক কৰি চফ্ৰাই আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে, এখন গাড়ীত যুৱতীকেইগৰাকীৰ সৈতে অহা যুৱককেইজনে ৰাইজে উদ্ধাৰ কৰি যুৱতীকেইগৰাকীক সোধা-পোছা কৰোঁতে যুৱককেইজনে কৌশলেৰে পলায়ন কৰে। অৱশেষত যুৱতীকেইগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাই পৰিয়াৰ লোকক গতাই দিয়ে বুলি জানিব পৰা গৈছে। সুৰাসক্ত অৱস্থাত উদ্ধাৰ কৰা যুৱক-যুৱতীকেইগৰাকী মৰাণ অঞ্চলৰ বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ইয়াকে লৈ স্থানীয় সচেতন ৰাইজ চিন্তিত হৈ পৰিছে। ভিতৰুৱা ঠাইখন পৰ্যটনস্থলী হিচাপে চিহ্নিত হোৱাৰ পিছৰে পৰা ৰাইজৰ আগমন দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত অঞ্চলটোৰ ৰাইজৰ জীৱিকাৰ এক নতুন পথৰ সৃষ্টি হৈছে, তেনে অৱস্থাত ঠাইখনত আৰম্ভ হোৱা অপকর্মই যাতে ঠাইখনলৈ এক অশুভ বার্তা কঢ়িয়াই নানে, তাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like