নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলত লাহে লাহে পঞ্চায়ত নিৰ্বাচনৰ বতাহ জোৰেৰে বলিব লাগিছে ৷ বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল তথা নিৰ্দলীয় প্ৰাৰ্থী সমুহৰ এতিয়া গাত তৎ নাইকীয়া হৈছে৷ কিদৰে নিৰ্বাচনী বৈতৰণীখন পাৰ হব পাৰি তাৰ একান্ত চেষ্টাত ব্যস্ত হৈ পৰিছে সকলো ৷ কোনো কোনো প্ৰাৰ্থীয়ে চাৰি পাঁচজন সমৰ্থক লৈয়িই প্ৰচাৰ অভিযান চলোৱাৰ বিপৰীতে ধনৰ বল থকা সকলে বহু সমৰ্থকক লগত লৈ নিৰ্বাচনী ভোট যুদ্ধত নামি ভোটাৰৰ কাষ চপা পৰিলক্ষিত হৈছে৷ এনে এক সময়তে এটা বিষয় সকলোৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ লগতে বহুতকে আমোদো দিছে ৷বিশেষকৈ বিহপুৰীয়াৰ পূঁৱ ডিক্ৰং গাঁও পঞ্চায়তৰ ১০ নং ৰঙানদী চেনীমৰা ৱাৰ্ডৰ পৰা এইবাৰ নিৰ্বাচনী ৰণত নামিল ভিনিহি আৰু খুলশালি ৷ দুয়োৰে লক্ষ্য ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদণ্ডিতা আগবঢ়াই জয়ী হোৱা ৷ এই ৱাৰ্ডটো তিনিটা চুবুৰী ক্ৰমে ১নং আৰু ২ নং কলবাৰী আৰু ৰঙানৈ চেনিমৰাৰে গঠিত ৷ এই ৱাৰডটোৰ মাজত আছে সোৱণশিৰি নদী৷ ভিনিহি বিদ্যাসাগৰ কুলিৰ ঘৰ সোৱণশিৰিৰ এইপাৰে ৰঙানৈ চেনিমৰাত আৰু খুলখালি বিলাস চণ্ডী(পেগু)ৰ ঘৰ সোৱণশিৰিৰ সিপাৰে ১নং কলবাৰীত৷ এই ৱাৰ্ডটোত আছে সৰ্বমুঠ ৫৩৪ টা ভোট৷ ইয়াৰ ভিতৰৰ ১নং কলবাৰী চুবুৰীত ১৬৮টা, ২নং কলবাৰী চুবুৰীত আছে ৬৫টা আৰু ৰঙানৈ চেনিমৰা চুবুৰীত আছে ৩০১টা ভোট ৷ ভিনিহি বিদ্যাসাগৰ জাতীয় সংগঠনৰ দিশত ওতঃপ্ৰোত জড়িত থকাৰ বাবেই ৰাইজৰ বিপুল দাবীত থিয় হৈছে বিদ্যাসাগৰ৷ ইয়াৰ বিপৰীতে বিলাস বিজেপিৰ কৰ্মকৰ্তা হোৱাৰ বাবেই এতিয়া বুকু ফিন্দাই ভিনিহিক পৰাজয় কৰোৱাৰ লক্ষ্যৰে অহৰহ চলাই গৈছে প্ৰচাৰ ৷ তথাপিও খুলখালি বিলাসে ভয় কৰে ভিনিহি বিদ্যাসাগৰক ৷ যাৰ বাবে নিৰ্বাচনৰ বতৰত ফোন নম্বৰটোকে সলনি কৰিলে খুলশালি বিলাসে। যি কি নহওক ভিনিহি বিদ্যাসাগৰৰ খুলখালিলৈ মৰম সদায় অতুত থাকিব বুলি নিয়মীয়া বাৰ্তাক অৱগত কৰি বন্ধুত্বসুলভ মনোভাৱেৰে বিদ্যাসাগৰ অৱৰ্ত্তীৰ্ণ হৈছে নিৰ্বাচনী যুদ্ধত৷ যিয়েই নহওক ৱাৰ্ডটোত সমানে সমানে নিৰ্বাচনৰ প্ৰচাৰ চলোৱা ভিনিহি খুলখালিৰ মাজৰ যুঁজখনে ৱাৰ্ডটোৰ লগতে পাৰ্শ্বৱতী গাঁওসমুহত ব্যাপকভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে ৷
প্ৰেৰক সঞ্জীৱ দত্ত