জনসভাত আজমলৰ চকীৰ সন্মুখত কিয় ইমান পানীৰ বটল আৰু টেমা?
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি নিৰ্বাচনী দলৰ মাজত চলিছে কুচকাৱাজ। এইক্ষেত্ৰত কংগ্ৰেছৰ মিত্ৰদল এ আই ইউ ডি এফো পিছ পৰি থকা নাই। বদৰুদ্দিন আজমলে ইতিমধ্যে নিজ জনসমষ্টিৰ মাজত বিজেপিক লৈ ভীতি সঞ্চাৰ কৰিবলৈ সাম্প্ৰদায়িক বক্তব্য ৰখা বুলি অভিযোগ উঠিছেই।
ইয়াৰ সমান্তৰালভাৱে আজমলৰ সভাত তেওঁৰ চকীৰ সন্মুখত দেখা গৈছে পানীৰ বটল বা টেমা। এই পানীৰ বটলৰ আঁৰত এক অদ্ভুদ বিষয় নিহিত আছে। নিহিত আছে অন্ধবিশ্বাস। পানীত আজমলে ফুঁ মাৰি দিলেই এই সাধাৰণ পানী হৈ পৰে বিভিন্ন বেমাৰৰ মহৌষধ।
পানীৰ বটলৰ হিচাপলৈ লক্ষ্য কৰিলে ধাৰণা হ’ব এয়া যেন সভা নহয় স্বাস্থ্য কৰ্মশালাহে। আজমললৈ আগবঢ়াই দিয়া পানীৰ বটলত তেওঁ ফু মাৰি ঔষধলৈ ৰূপান্তৰ কৰাৰ পিছতে সকলোৱে হাতে হাতে লৈ গৈছে বটল-টেমা।
সাংবাদিকে এই সন্দৰ্ভত লোকসকলক প্ৰশ্ন কৰোঁতে সকলোৱে সমস্বৰে উত্তৰ দিছে আজমলে জৰা পানীৰে সকলো বেমাৰ ভাল কৰিব পাৰি। এনেদৰেই আজমল ডাঙৰীয়াই জনতাৰ অজ্ঞানতা আৰু অন্ধবিশ্বাসত সাৰ-পানী যোগাই ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ পথ বাছি লৈছে। কিন্তু প্ৰশ্ন হৈছে পানী জৰা-ফুঁকাৰ মাজেৰে আজমলে কি ধৰণৰ এখন সমাজ নিৰ্মাণৰ পথত অগ্ৰসৰ হৈছে?