বিশেষ বাৰ্তা, ১৩ জুলাইঃ প্ৰত ঘন্টাত ১ চে:মি:কৈ বৃদ্ধি পাইছে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ। অতি ভয়াৱহভাবে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ। এনেদৰেই যদি জলস্তৰ বৃদ্ধি হৈয়ে থাকে তেন্তে নিশাৰ ভিতৰতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰাত ডিব্ৰুগড়বাসীক আতংকিত কৰি তুলিছে।ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিয়লি ৫ বজাত বিপদসীমাৰ ১০৫:৭০ মিটাৰৰ বিপৰীতে ১০৫:৬৬ মিটাৰত প্ৰবাহিত হৈছিল আৰু পুনৰ নিশা ৭ বজাত ১০৫:৬৭ মিটাৰত প্ৰবাহিত হৈ স্থিৰতা থাকে যদিও নিশাৰ ভাগত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।ঐতিহাসিক চহৰখনৰ একেবাৰেই দাঁতিয়েদি বৈ যোৱা এই ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰিলে চহৰখনলৈ প্ৰবল ভাবুকি স্বৰূপ হৈ পৰিব। কিছুদিনৰ পূবে মাৰোৱাৰী পট্টী পূজা ঘাট, পাঁচ আলি, কয়লা ঘাটত ভয়াৱহ গৰাখহনীয়া হৈ আছিল যদিও জলসম্পদ বিভাগে পকী পাৰ্কোপাইন আৰু জিঅ’বেগ স্থাপনৰে খহনীয়া ৰোধ কৰাৰ যি প্ৰচেষ্টা চলাইছিল, সেয়া সকলো বৰ্তমানে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বুকুত।
প্ৰেৰক বিভাস দুৱৰা