নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলপৃষ্ঠ হ্ৰাস পালেও বিপদসীমাৰ ৯০ চেঃমিঃ ওপৰেৰে বৈছে কপিলী

বিশেষ বাৰ্তা, ২ জুনঃ ৰাজ্যখনৰ আন কেইবাখনো জিলাৰ লগতে নগাঁও জিলাৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। দিন বাগৰাৰ লগে লগে জিলাখনৰ বানপানী সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ন ন অঞ্চললৈ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ লগতে বানপানীয়ে ক্ষতিসাধন কৰা কেবাটাও পথৰে যাতায়ত ব্যৱস্থা সুচল হোৱা নাই। কামপুৰ-কঠিয়াতলী সংযোগী গড়কাপ্তানী পথেৰে আজিও যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে। ফলত বহু লোক নগাঁও চহৰৰ পৰা বৰকলা হৈ কামপুৰলৈ যাতায়াত কৰিব লগত হৈছে। বাতৰি লিখা সময়লৈকে কপিলী নদীৰ জলপৃষ্ঠ কামপুৰত হ্ৰাস পাইছে যদিও আজিও বিপদসীমাৰ ৯০ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। কপিলীৰ বানে জলমগ্ন কৰা কামপুৰ-তৰাডুবি, কামপুৰ-যমুনামুখ, লুটুমাৰী-যমুনামুখ, যমুনামুখ-সৰুপথাৰ সংযোগী যাতায়াত ব্যৱস্থা সুচল হোৱা নাই। তদুপৰি ঠায়ে ঠায়ে খহনীয়া অব্যাহত আছে। কপিলীৰ বাঢ়নী পানী নিশাৰী নদীত পৰাৰ পিছৰে পৰা কামপুৰৰ তেতেলীসৰাকে ধৰি এক বৃহত অংশ ,কঠিয়াতলি আৰ নগাঁও সদৰ ৰাজহ চক্ৰৰ এক বিস্তৃত এলেকা বানৰ কবলত পৰিছে। কপিলী আৰু বৰপানী নদীৰ বানপানীৰ ফলত বহু মঠাউৰিৰ পানী বাগৰি থকাৰ ফলত কেবাটাও পথ ,বহু বাসগৃহ প্লাবিত হৈছে। নগাঁও জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ এক সুত্ৰ অনুসৰি নগাঁও জিলাৰ কামপুৰ, ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ ১৪৮খন ৰাজহ গাঁও এইবাৰৰ কপিলী, নিশাৰী, বৰপানী নদীৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে কামপুৰ ৰাজহ চক্ৰত ৯৯খন,ৰহা ৰাজহ চক্ৰত ৪০ খন , নগাঁও সদৰ ৰাজহ চক্ৰত ৯ খন গাঁও বানৰ কবলত পৰিছে। নগাঁও জিলাত এইবাৰৰ বানপানীত ২,৯০,০০০ লোক আক্ৰান্ত হৈছে। জিলাখনত জিলা প্ৰশাসনে স্থাপন কৰা ৩১টা আশ্ৰয় শিবিৰত পাচ সহস্ৰাধিক লোকে আশ্ৰয় লৈ আছে। এই শিবিৰসমূহত প্ৰশাসনে খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নোহোৱাৰ অভিযোগ উঠিছে। বানপৰিস্থিতি উন্নত নোহোৱাত বহু বানাক্ৰান্ত ওখ ঠাই, পথৰ দাতি, শিক্ষানুষ্ঠান আদিত আশ্ৰয় লৈ থাকিব লগা হৈছে।কামপুৰত কপিলীৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰ শিলঘাটত, কলং নৈৰ নগাঁও চহৰ আৰু ৰহাত জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছে। ইপিনে খেৰণিৰ গড়কাপ্তানি দলঙৰ সমীপত কপিলীৰ জলপৃষ্ঠ আজি বিয়লি বিপদসীমাৰ ২৫ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। ইপিনে আজি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলাখনৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত এলেকা পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়।

প্ৰেৰক কনক হাজৰিকা

You might also like