নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অস্বাভাৱিকভাৱে কমিছে বৰলুইতৰ জলস্তৰ

নিময়ীয়া বাৰ্তা, ৪ নৱেম্বৰঃ এটা কালজয়ী গীতেৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই অসম আৰু আয়ুস ৰেখা ৰূপে অভিহিত কৰা বৰলুইতৰ ভৱিষ্যতক লৈ এতিয়া সৃষ্টি হৈছে শংকাৰ। খৰালি অহাৰ লগে লগে ধুবুৰীত অস্বাভাৱিক ভাৱে কমিবলৈ লোৱা দেখা গৈছে নৈখনৰ জলস্তৰ। চীনৰ বৃহৎ নদীবান্ধ অথবা অৰুণাচলৰ গেৰুকামুখত নিৰ্মীয়মান নদী বান্ধৰ বাবেই হওক বা নহওক কিয়; এসময়ত ধুবুৰীৰ কাষেৰে ৮/১০ কিলোমিটাৰ বহলতাৰে বৈ যোৱা নদীখনে ঠায়ে ঠায়ে ধাৰণ কৰিছে এতিয়া সুঁতিৰ সদৃশ ৰূপ। ধুবুৰীৰ বৰলুইতত এতিয়া দৃশ্যমান হ’বলৈ লৈছে বিশাল বিশাল বালিৰ চৰ। আনকি ধুবুৰীৰ নিউঘাট অঞ্চলৰ সমীপৰ এটা বৰলুইতৰ এটা অংশেৰে নাওেঁৰে নহয়; মানুহ খোজ কাঢ়ি যাতায়াত কৰাও দেখা গেছে। নৈখনৰ সেই অংশৰে চলিছে মালবাহী ঘোঁৰাগাড়ী; পানীত উমলিছে কণ কণ শিশু। এইদৰেই নৈখনৰ জলস্তৰ কমি অহাৰ ফলত স্বাভাৱিক ভাবে ধুবুৰীলৈ  দৈনিক অহা যোৱা কৰা বিভিন্ন চৰাঞ্চলৰ ৰাইজ সন্মুখীন হ’বলগীয়া হৈছে ভীষণ অসুবিধাৰ। অৱশ্য ধুবুৰীৰ পৰা ফকিৰগঞ্জ আৰু জলেশ্বৰলৈ অহা-যোৱা কৰা অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ যাত্ৰীবাহী ৰোপেক্স জাহাজ দুখনৰ চলাচল বৰ্তমানলৈ চলি আছে যদিও বৰলুইতৰ জলস্তৰ এইদৰে হ্ৰাস পাই থাকিলে আগলৈ গৈ সেই দুখনৰ চলাচল বন্ধ হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। উল্লেখনীয় যে, বৰলুইতৰ জলস্তৰে প্ৰভাব পেলাইছে ধুবুৰী আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ক্ষেত্ৰখনতো। জানিব পৰা মতে, বিগত ৩ দিনৰ পৰা ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰীৰ পঞ্চুঘাটস্থিত নদী বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ আমদানী-ৰপ্তানী সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। নৈখনৰ জলস্তৰ হ্ৰাস পোৱা বাবে উভতি যাব নোৱাৰি বিগত ৩ দিনৰ পৰা ধুবুৰীৰ নদী বন্দৰত আবদ্ধ হৈ আছে বাংলাদেশৰ দুখনকৈ মালবাহী জলযানে। অৱশ্যে, ধুবুৰী আৰু বাংলাদেশৰ মাজৰ জলপথেদি জলযানৰ চলাচল অব্যাহত ৰখাৰ লক্ষ্যেৰে নৈখনত খনন কৰাৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা এখন অত্যাধুনিক ড্ৰেজাৰ ধুবুৰী অভিমুখে ৰাওনা হোৱা বুলিও জানিব পৰা গৈছে। কিন্তু বিগত কেইবা বছৰৰ পৰা খৰালিত বৰলুইতৰ জলস্তৰ অস্বাভাৱিক ৰূপে হ্ৰাস পোৱাটো এক অশনি সংকেত বুলি বিবেচিত হৈছে। সমান্তৰালকৈ আগলৈ গৈ এই পৰিঘটনাই ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লাখ লাখ নৈপৰীয়া ৰাইজৰ জীৱন-জীৱিকালৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব বুলিও আশংকা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like