ধুবুৰীত অস্বাভাৱিকভাৱে কমিছে বৰলুইতৰ জলস্তৰ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বৰলুইতৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকাৰ। শীত অহাৰ ল’গে ল’গে ধুবুৰীত অস্বাভাৱিকভাৱে কমিব লোৱা গৈছে নৈখনৰ জলস্তৰ। চীনৰ বৃহৎ নদীবান্ধ অথবা অৰুণাচলৰ গেৰুকামুখত নিৰ্মীয়মান নদী বান্ধৰ বাবেই হওক বা নহওক কিয়; ধুবুৰী এসময়ত ৮/১০ কিলোমিটাৰৰ বহল এই নদীখনে ঠায়ে ঠায়ে ধাৰণ কৰিছে সুঁতি সদৃশ ৰূপ। ধুবুৰীৰ কাষেৰে বৈ যোৱা বৰলুইতত এতিয়া দৃশ্যমান হৈছে বিশাল বিশাল বালিৰ চৰ। ইপিনে নৈখনৰ জলস্তৰ কমি অহাৰ ফলত স্বাভাৱিক ভাবে ধুবুৰীলৈ দৈনিক অহা যোৱা কৰা বিভিন্ন চৰাঞ্চলৰ ৰাইজ সন্মুখীন হ’বলগীয়া হৈছে বিষম অসুবিধাত। নৈখনৰ নিম্নগামী জলস্তৰৰ বাবে ধুবুৰীৰ পৰা ফকিৰগঞ্জ আৰু আইৰকাটাৰ মাজত চলাচল কৰা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ যাত্ৰীবাহী ৰোপেক্স জাহাজ দুখনৰ যাতায়াত ইতিমধ্যে বন্ধ হৈ পৰিছে। বন্ধ হৈ পৰিছে ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নদীবন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰীলৈ বৰলুইতেৰে চলা মালবাহী জলযান চলাচল। ফলত, বৰলুইতৰ নিম্নগামী জলস্তৰে নেতিবাচক প্ৰভাব পেলাইছে ভাৰত তথা অসম আৰু বাংলাদেশৰ মাজৰ আমদানি–ৰপ্তানীকে ধৰি নদী পৰ্য্যটনৰ ক্ষেত্ৰখনতো। অৱশ্যে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণে ধুবুৰীৰ বৰলুইতৰ ঠায়ে ড্ৰেজিং কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে; অৱশ্যে ড্ৰেজিঙৰ সেই কাম এতিয়াও আৰম্ভ হোৱা নাই বুলিয়েই প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী