জলসম্পদমন্ত্রীৰ উদ্বেগজনক তথ্যঃ ২৩খন জিলাত গৰাখহনীয়াত জাহ ৭২ লাখ ৫৪ হাজাৰ বিঘা
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ বানৰ সমান্তৰালভাৱে বছৰৰ পাছত বছৰ ধৰি ৰাজ্যখনত চলি অহা গৰাখহনীয়াই লক্ষণীয়ভাৱে অসমৰ মানচিত্রখন সংকুচিত কৰি আনিছে৷ যোৱা বছৰলৈকে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ কবলত ২৩খন জিলাৰ ৭২,৫৪,৭১০ বিঘা মাটি জাহ গৈছে৷ আজি সদনত এই উদ্বেগজনক তথ্য সদৰী কৰে জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷ সদনৰ প্রশ্ণোত্তৰ কালত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি বর্তমানলৈকে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা অসমত গৰাখহনীয়াৰ কবলত পৰা মাটিৰ পৰিমাণৰ তথ্য বিচাৰি জলসম্পদ বিভাগে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগলৈ যোৱা ১৯ ডিচেম্বৰত পত্র নং ডব্লিউ আৰ (চি) ২৮৮/২০২০/৩যোগে যোগাযোগ কৰে৷ এই সন্দর্ভত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্রাপ্ত তথ্য মতে, ২৩খন জিলাৰ তথ্য উপলব্ধ হৈছে৷ যোৰহাট, দক্ষিণ শালমাৰা, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, ধেমাজি কার্বি আংলং আৰু মাজুলী জিলাৰ তথ্য এতিয়াও লাভ কৰা হোৱা নাই৷ ২৩খন জিলা ক্রমে গোলাঘাটত ৩১,৮৯৭ বিঘা ৩ কঠা ২ লেচা, চৰাইদেউত ১৮৫ বিঘা ১৫ লেচা, বিশ্বনাথত ৩১,৫৯৪ বিঘা ৪ কঠা ১০ লেচা, লখিমপুৰত ২৮৪,৩২,৯৯১ বিঘা ৪ কঠা ৮ লেচা, নগাঁৱত ১,৬৪৮.৭৩ হেক্টৰ, বৰপেটাত ২,০৪,৮৯৩ বিঘা ৩ কঠা ৫ লেচা, ডিব্রুগড়ত ৪৮,৯৮১ বিঘা ২ কঠা ৭ লেচা, নলবাৰীত ৪২,৪৫৮ বিঘা ২ কঠা ৯ লেচা, কোকৰাঝাৰত ৩৫০ বিঘা, চিৰাঙত ১,৫১৮ বিঘা ৪ কঠা ৫ লেচা, বাক্সাত ৭৮৬ বিঘা ২ লেচা, ওদালগুৰিত ৩৬৩ বিঘা ৪ কঠা ১১ লেচা, দৰঙত ৫৩,৪৩১ বিঘা ১ কঠা ৩ লেচা, হোজাইত ৪২,৬২৮ হেক্টৰ, বঙাইগাঁৱত ৬৬,০১,৪৬৮ বিঘা ৪ কঠা ১৪ লেচা, কামৰূপ মেট্র’ত ৫৮৪ বিঘা ১ কঠা ৫ লেচা, শিৱসাগৰত ৪,১৩৪ বিঘা ৩ কঠা ১৩ লেচা, তিনিচুকীয়াত ৩০,৩১৪ বিঘা ১ কঠা ১৯ লেচা, কামৰূপত ১,৩৭,৫৬৬ বিঘা ২ কঠা ১০ লেচা আৰু শোণিতপুৰত ২৩,১০৩ বিঘা ১ লেচা মাটি খহনীয়াত জাহ গৈছে৷ প্রতি বছৰে খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি অহা গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, দক্ষিণ শালমাৰা, মাজুলী আদিৰ তথ্য উপলব্ধ নোহোৱাৰ পৰিপ্রেক্ষিতত খহনীয়াত জাহ যোৱা মাটিৰ পৰিমাণ আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে৷ ইপিনে আজি সদনৰ প্রশ্ণোত্তৰ কালত বিধায়ক শ্বেৰমান আলী আহমেদ, চাহাবুদ্দিন আহমেদ, ৱাজেদ আলী চৌধুৰী, আব্দুৰ ৰছিদ মণ্ডল, ডাঃ মতিউৰ ৰহমান আদিকে ধৰি বহুকেইগৰাকী বিধায়কে মথাউৰি নির্মাণৰ বাবে বিভাগে ৰাইজৰ পৰা অধিগ্রহণ কৰা মাটিৰ ক্ষতিপূৰণ বছৰৰ পাছত বছৰ ধৰি আদায় নিদিয়াৰ প্রসংগত মন্ত্রী মহন্তই কয় যে জলসম্পদ বিভাগে অধিগ্রহণ কৰা মাটিৰ টকা আদায় দিব নোৱাৰে৷ ৰাজহ বিভাগৰ ৰিপ’ট অনুসৰিহে সেই ধন আদায় পায়৷ এইক্ষেত্রত তেওঁ নিজৰ প্রসংগ উত্থাপন কৰি কয় যে নিজ সমষ্টিৰ ক্ষেত্রতেই ৫ বছৰ বিধায়ক হৈ থকা অৱস্থাত কৰা কাম বিভাগৰ মন্ত্রী হৈ তিনি বছৰ পাছতহে আদায় দিব পাৰিছে৷ মথাউৰি নির্মাণৰ বাবে মাটি অধিগ্রহণ কৰি ক্ষতিপূৰণ আদায়ৰ প্রক্রিয়াটো সলনি কৰি সৰলীকৰণ কৰাৰ তেওঁ পোষকতা কৰে৷ সেইদৰে কাম কৰাৰ পাছতো ঠিকাদাৰক বিল আদায় দিব নোৱাৰাৰ সম্পর্কতো তেওঁ কয় যে এটা মথাউৰি নির্মাণৰ কাম ১,৬২৩জন ঠিকাদাৰক দিয়া হয়৷ জলেশ্বৰ সমষ্টিত ২৪ কোটি টকাৰ কাম ৩৪৪গৰাকী ঠিকাদাৰক দিয়া হৈছিল৷ অনুৰূপ ধৰণে ৮ কোটি টকাৰ কাম ২৮১গৰাকী ঠিকাদাৰক দিয়া হৈছে৷ বহু সময়ত বিভাগে সকলো ঠিকাদাৰক বিচাৰিও নাপায়৷ পৰিস্থিতি এনে হয়গৈ যে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া টীমে অৱশেষত আধাতে কাম বন্ধ কৰিবলগীয়া হয়৷ সেই কামসমূহৰ ক্ষেত্রত চৰকাৰে ৰাজ্যিক অংশৰ পুঁজি সম্পূর্ণ মোকলাই দিছে৷ কেন্দ্রীয় অংশৰ টকা মোকলাই দিবৰ বাবে অনুৰোধ জনাই সময়ে সময়ে বিভাগৰ তৰফৰ পৰা যোগাযোগ কৰি থকা হৈছে৷
উক্ত অংশৰ টকা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা মোকলাই দিয়াৰ লগে লগে ঠিকাদাৰসকলৰ প্রাপ্য ধন আদায় দিয়া হ’ব৷ মুঠতে মথাউৰি নির্মাণৰ বাবে অধিগ্রহণ কৰা মাটিৰ ক্ষতিপূৰণ আদায়কে ধৰি মথাউৰি নির্মাণৰ কাম–কাজত বিভাগটোত চলি থকা অৰাজকতা স্বয়ং মন্ত্রী মহন্তৰ ভাষ্যতেই আজি সদনত উন্মোচিত হৈ পৰে৷ ইপিনে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্রীয় চৰকাৰৰ ওচৰত বাৰম্বাৰ প্রস্তাৱ দাখিল কৰি অহাৰ বিষয়ে সদৰী কৰি মন্ত্রী মহন্তই সদনত কয় যে এই সম্পর্কত অসম বিধানসভাই ২০০২ চনৰ বাজেট অধিৱেশনত এটা প্রস্তাৱ গ্রহণ কৰে৷ পৰৱর্তী পর্যায়ত অসম বিধানসভাই ২০১২ চনৰ ১৮ জুলাইত আন এটা প্রস্তাৱ গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক অৱগত কৰে৷ ২০১৩ চনৰ ১৭ এপ্রিলত পুনৰ এখন পত্রৰ জৰিয়তে কেন্দ্রক সেই বিষয়ে অৱগত কৰে৷ ২০১৫ চনৰ ডিচেম্বৰ মাহত অসম বিধানসভাই আন এক প্রস্তাৱ গ্রহণ কৰি অসমৰ খহনীয়া সমস্যাটো ৰাষ্ট্রীয় আৰু ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজি সাহায্যৰ অন্তর্গত হিচাপে গৃহীত কৰে৷ শেহতীয়াকৈ ২০১৯ চনৰ ১২ জুনত বিষয়টো কেন্দ্রীয় জলসম্পদ মন্ত্রীক অৱগত কৰে৷ অসম চৰকাৰৰ অনুৰোধৰ প্রতি সঁহাৰি ৰূপে ২০১৭ চনৰ ১ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ গুৱাহাটীত উপস্থিত হৈ অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ এক স্থায়ী সমাধানৰ ব্যৱস্থাৰ আৱশ্যকতা অনুভৱ কৰে৷ এক নির্দিষ্ট সময়ৰ ভিতৰত যাতে সমস্যাটোৰ স্থায়ী সমাধান হয়, সেই উদ্দেশ্যে অধ্যয়নৰ প্রয়োজনীয়তা অনুভৱ কৰি প্রধানমন্ত্রীয়ে ১০০ কোটি টকাৰ অনুদান ঘোষণা কৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় জলসম্পদ মন্ত্রালয়ে ২০১৭ চনৰ ৪ অক্টোবৰত নিটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় সমিতি গঠন কৰে৷ উক্ত সমিতিৰ খচৰা প্রতিবেদনত সমস্যাটোৰ সমাধানৰ নিমিত্তে নর্থ–ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথ’ৰিটী গঠনৰ পৰামর্শ দাঙি ধৰি বিষয়টোৰ ওপৰত অসম চৰকাৰৰ মতামত বিচাৰি পত্র প্রেৰণ কৰে৷ ৰাজ্য চৰকাৰে উক্ত খচৰা প্রতিবেদন সন্দর্ভত মতামত আগবঢ়োৱাৰ লগতে কেন্দ্রীয় চৰকাৰৰ এই প্রস্তাৱত সহমত প্রকাশ কৰিছে আৰু লগতে প্রস্তাৱিত প্রতিষ্ঠানটোৰ মুখ্য কার্যালয় গুৱাহাটীত স্থাপনৰ বাবে অনুৰোধ জনায়৷ শেহতীয়াকৈ বিষয়টো সন্দর্ভত উচ্চস্তৰীয় সমিতি নর্থ–ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথ’ৰিটী ড্রাফ্ট বিল–২০২০ নামৰ এখন খচৰা বিল প্রস্তুত কৰি অসম চৰকাৰৰ মতামতৰ বাবে প্রেৰণ কৰে৷ এই ব্যৱস্থাৰ জৰিয়তে দীর্ঘদিনীয়া বানপানী আৰু গৰাখহনীয়া সমস্যাটোৱে ৰাষ্ট্রীয় পর্যায়ত গুৰুত্ব লাভ কৰিব আৰু উত্তৰ–পূর্বাঞ্চলৰ জলসম্পদৰাজিৰ উপযুক্ত ব্যৱহাৰ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ কিয়নো কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ প্রতি উত্তৰ–পূবৰ সকলো ৰাজ্যই এইবাৰ সমর্থন আগবঢ়াইছে৷ আগেয়ে উত্তৰ–পূবৰ সকলো ৰাজ্যই সমর্থন আগবঢ়োৱা নাছিল৷ ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি এই বছৰ ৰাজ্যখনত হোৱা বানৰ সময়ত বিভিন্ন মথাউৰিৰ ভিন ভিন ঠাইত ২৪টা অংশ ছিগে৷ ইয়াৰে ১৮টা ছিগা অংশৰ মেৰামতি কৰি ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে৷