নিয়মীয়া বাৰ্তা, ২০ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ। ভূৰাগাঁৱৰ কুপতিমাৰীত লুইতৰ বিধ্বংসী গৰাখহনীয়াত যিকোনো মুহূৰ্তত জাহ যাব পাৰে মথাউৰি। যাৰ ফলত আতংকিত হৈ পৰিছে সমগ্ৰ ভূৰাগাঁওবাসী। ইতিমধ্যে গৰাখহনীয়াই মথাউৰি স্পৰ্শ কৰিছে। মথাউৰি গৰাখহনীয়াত জাহ গলে ভূৰাগাঁৱৰ লগতে মৰিগাঁও জিলা বানত ডুব যাব যোৱাৰ আশংকা আছে। উল্লেখ্য যে কিছু বছৰ ধৰি কুপতিমাৰীত লুইতৰ নিচেই কাষতেই আছে জৰাজীৰ্ণ মথাউৰি। কিছুদিন পূৰ্বে কুপতিমাৰী আৰু বালিডোংগাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছিল জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত মথাউৰি বহল কৰাৰ লগতে গৰাখহনীয়াৰ পৰা মথাউৰিটো যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ নিৰ্দেশ দিছিল। জিলা জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে জিঅ” বেগ আৰু পৰ্কিউপাইনৰ সহায়ত গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হয়। জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশ মতে পুৰণা মথাউৰিৰ লগতে মাটি পেলাই বহল কৰাৰ কামো অব্যাহত ৰাখিছে। কিন্তু আজি কুপতিমাৰীৰ পশ্চিম অঞ্চলত হঠাৎ গৰাখহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰি স্থানীয় ৰাইজক আতংকিত কৰি তোলে। মুহূৰ্তৰ ভিতৰতে গৰাখহনীয়াই মথাউৰি স্পৰ্শ কৰে। গৰাখহনীয়াই মথাউৰি স্পৰ্শ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে জলসম্পদ বিভাগে স্থানীয় ৰাইজৰ সহযোগত জিঅ’ বেগেৰে মথাউৰি ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
প্ৰেৰক আবুল কালাম