নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ বান পৰিস্থিতি পর্যবেক্ষণ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ

🔹 ১৫ দিনৰ ভিতৰত ছিগা অংশ মেগা জিঅ’ টিউবৰ সহায়ত নির্মাণৰ নির্দেশ

নিয়মীয়া বার্তা, ৩ জুলাই : শেহতীয়া বান পৰিস্থিতি পর্যবেক্ষণৰ বাবে আজি মাজুলীত উপস্থিত হয় জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা৷ মন্ত্রীগৰাকীয়ে হেলিকপ্টাৰযোগে মাজুলীৰ জিলা সদৰ গড়মূৰৰ কাছাৰী ময়দানৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পিছতেই কমলাবাৰী–পহুমৰা সংযোগী মথাউৰিৰ জুগুনিধাৰী অংশত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে যোৱা ১ জুলাহত ছিঙি নিয়া অংশ পৰিদর্শন কৰে৷ মন্ত্রীগৰাকীয়ে ছিগা অংশটো পৰিদর্শন কৰি উক্ত ছিগা অংশৰ পানীৰ সোঁতে সর্বস্বান্ত কৰা পৰিয়ালকেইটাক সাক্ষাৎ কৰাৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি তৎকালীনভাৱে ক্ষতিপূৰণ লাভ কৰিব বুলি প্রতিশ্রুতি দিয়ে৷ ইফালে, বিভাগৰ বিষয়া–অভিযন্তাৰে ছিগা অংশতে চমু আলোচনাত মিলিত হোৱাৰ পিছতেই মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে কালিয়েই মই মুখ্যমন্ত্রীৰ নির্দেশত আহিবলগীয়া আছিল যদিও প্রতিকূল বতৰৰ পৰিপ্রেক্ষিতত সেয়া সম্ভৱ হৈ নুঠিল৷ আজি মাজুলীৰ বানাক্রান্ত ৰাইজৰ দুখৰ সমভাগী হ’বলৈ, পৰিস্থিতি পর্যবেক্ষণৰ বাবে আহিছোঁ৷ য’ত মথাউৰি নাথাকে, সেই ঠাইৰ মানুহ বাৰিষাৰ বাবে সাজু থাকে আৰু য’ত মথাউৰি থাকে তাত মানুহে মথাউৰিৰ ভৰসাত বানপানীৰ বাবে প্রস্তুত হৈ নাথাকে৷ গতিকে সেইবাবেই মথাউৰি ভাগিলে সেইসকল মানুহৰ বৰ কষ্ট হয়৷ সেয়া মই বুজোঁ বুলি উল্লেখ কৰে৷ ইফালে, মন্ত্রীগৰাকীয়ে কয় যে ব্রহ্মপুত্র উপত্যকাত এইবাৰ চাৰিটা মথাউৰি ভাগিছে৷ মথাউৰি ভাগিলে মই বিশেষ কষ্ট পাওঁ, যিহেতু মই নিজকে বিফল যেন অনুভৱ কৰোঁ৷ ১৯৯১ চনতেই হোৱা প্রলয়ংকৰী বানপানীৰ তুলনাত বিগত ৪০ বছৰৰ পাছত এইটো এটা ডাঙৰ বানপানী৷ এইবাৰ নিমাতীত বিপদসীমাৰ ১০ ছেণ্টিমিটাৰ ওপৰেৰে পানী বয়৷ কিন্তু সেই সময়ৰ তুলনাত আজিৰ তাৰিখত ক্ষয়–ক্ষতিৰ পৰিমাণ কম হোৱাত চৰকাৰ সফল হৈছে৷ আমি যোৱা দিনকেহটাত প্রতিটো স্পর্শকাতৰ অঞ্চললৈকে গৈছোঁ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো দিনে–ৰাতিয়ে এইক্ষেত্রত কষ্ট কৰিছে৷ কিন্তু তাৰ পিছতো যদি ক’ৰবাত আমি বিফল হৈছোঁ সেF অঞ্চললৈ আমি গৈ বানাক্রান্তৰ দুখৰ সমভাগী হৈছোঁ আৰু আমি সেই স্থানৰ অভিজ্ঞতা অর্জন কৰি পৰৱর্তী সময়ত সেই ভুল শুধৰাবলৈ যত্ন কৰিছোঁ বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ আৰু কয়- মই এহটো অঞ্চলৰ ৰাইজক প্রতিশ্রুতি দিছোঁ যে উক্ত ব্যস্ত মথাউৰিটো আগন্তুক ১৫ দিনৰ ভিতৰত জিঅ’ মেগা টিউবৰ দ্বাৰা ভেটা দি পুনৰ নির্মাণ কৰি দিয়া হ’ব৷ তেওঁ আজিয়েই গুৱাহাটীৰ পৰা জিঅ’ মেগা টিউব পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে পৰহিৰ পৰাই কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে৷ ইফালে মন্ত্রীগৰাকীয়ে আৰু কয় যে লোকসভা নির্বাচনৰ আগত দিয়া প্রতিশ্রুতি অনুসৰি লোহিত খাবলুক সুৰক্ষিত কৰিবলৈ ১২–১৭ কিলোমিটাৰজোৰা ৪০ কোটি টকা ব্যয়সাপেক্ষ এটা মথাউৰি বানৰ পিছতেই নির্মাণ কৰা হ’ব৷ ইফালে, মথাউৰিটোৰ জুগুনিধাৰী ছিগা অংশৰ পানীয়ে সর্বস্বান্ত কৰা পৰিয়ালকেইটাৰ ক্ষতিপূৰণ সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে তেওঁৰ লগত অহা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব জি ডি ট্ৰিপাঠীক শীঘ্রেই যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ থলীতে নির্দেশ দিয়ে আৰু কাইলৈৰ ভিতৰত ক্ষতিপূৰণ হিচাপে ১ লাখ ২০ হাজাৰ টকা পৰিয়ালকেহটাই লাভ কৰিব বুলি দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব জি ডি ট্ৰিপাঠীয়ে জানিবলৈ দিয়ে৷

ইফালে, মাজুলীৰ অন্যান্য বানাক্রান্তৰো ক্ষয়–ক্ষতিৰ ক্ষতিপূৰণ আগন্তুক ১০ দিনৰ ভিতৰত লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে৷ আনহাতে, বানত মথাউৰি ছিগাক লৈ জলসম্পদ বিভাগৰ বিষয়া–কর্মচাৰীৰ গাফিলতি সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে চাৰিওফালে বানপানীৰ পৰিপ্রেক্ষিতত বিভাগৰ কর্মচাৰীয়ে নিশা ১.৩০ বজালৈকে মথাউৰিৰ কামত নিয়োজিত আছে আৰু ক’ৰবাত কেতিয়াবা হোৱা এটা ভুলেই গাফিলতি নুবুজায় বুলি তেওঁ উল্লেখ কৰে৷ ইফালে, মন্ত্রীগৰাকীক স্থানীয় ৰাইজে অতি পুৰণি ব্যস্ত মথাউৰিটো সবলীকৰণ কৰি দুইলেনযুক্ত পথলৈ উন্নীত কৰিবলৈ দাবী জনোৱাৰ লগতে উক্ত মথাউৰিটোৱে নামনি মাজুলীকে ধৰি মধ্য মাজুলীৰ বিস্তীর্ণ অঞ্চলৰ প্রায় ১০০খন গাঁৱৰ ৰাহজক সুৰক্ষিত কৰি ৰাখে বুলি উল্লেখ কৰি ব্রহ্মপুত্র আৰু টুনী নদীৰ সংগমস্থলত আগত এটা শৈলবান্ধ নির্মাণ কৰিবলৈ মন্ত্রীগৰাকীক ৰাইজে দাবী উত্থাপন কৰে৷ ৰাইজৰ দাবী সন্দর্ভত মন্ত্রী পীয়ূষ হাজৰিকাই শৈল স্পাৰ এই বছৰ কৰিব নোৱাৰিলেও এইবাৰ ভালদৰে পার্কুপাইন দি হ’লেও পানীৰ ধাৰ ডাইভার্ট কৰাৰ ব্যৱস্থা কৰিব বুলি প্রতিশ্রুতি দিয়াৰ লগতে শৈলস্পাৰ সন্দর্ভত পৰৱর্তী সময়ত নিশ্চয়কৈ চিন্তা কৰাৰ প্রতিশ্রুতি দিয়ে৷ ইফালে, আজিও ছিগা অঞ্চলৰ ইটো পাৰৰ বানাক্রান্ত ৰাহজৰ খবৰ ল’বলৈ উপস্থিত হয় আউনীআটী সত্রৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী৷ হাত নাৱেৰে পাৰ হৈ সত্রাধিকাৰগৰাকীয়ে ছিগা অংশৰ ইটো পাৰৰ জুগুনিধাৰী আৰু আলিমূৰৰ বানাক্রান্ত ৰাইজৰ দুখৰ সমভাগী হয়৷ উক্ত সময়তে সত্রাধিকাৰগৰাকীয়ে পৰৱর্তী বাৰিষাৰ পূর্বে অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ছিগা অংশটো অতি সোনকালেই নির্মাণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ উপৰি টুনী আৰু ব্রহ্মপুত্রৰ সংগমস্থলত এটি শৈলবান্ধ নির্মাণ কৰিবলৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে তেওঁ উদাৰ আৰু কর্মদক্ষ মুখ্যমন্ত্রী ড০ শর্মাই এই পৰিস্থিতিৰ কথা ভালদৰে উপলব্ধি কৰিব পাৰিব আৰু এই কাম হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে ৷

চুমৈমাৰী মথাউৰি পৰিদর্শন মন্ত্রী পীয়ূষ হাজৰিকাৰ

মন্ত্রী পীয়ূষ হাজৰিকাই মাজুলীৰ কমলাবাৰীৰ সমীপৰ চুমৈমাৰী মথাউৰিও পৰিদর্শন কৰে৷ উক্ত স্থানত থকা জলসিঞ্চন বিভাগৰ শ্লুইচ গেটখনত যোৱা ১ জুলাইত ফুটা ওলোৱাৰ পাছত ৰাইজ আতংকিত হৈ পৰিছিল৷ মন্ত্রীগৰাকীয়ে আজি শ্লুইচ গেটখন পৰিদর্শন কৰাৰ লগতে চুমৈমাৰী আৰু কঢ়ালগাঁৱত মথাউৰিটোৰ স্পর্শকাতৰ অংশও পৰিদর্শন কৰে৷ পৰিদর্শনকালত মন্ত্রীগৰাকীয়ে বান প্রতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা জৰুৰীকালীন ব্যৱস্থাসমূহৰো বুজ লয়৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে মাজুলীৰ জিলা প্রশাসনৰ লগত এখন বান পর্যালোচনা সভাত অংশগ্রহণ কৰি মাজুলীৰ পৰা ৰাওনা হয়৷ ইফালে, মাজুলীৰ মথাউৰিৰ বাহিৰৰ লগতে মথাউৰিৰ ভিতৰৰ মুঠ ১০০খন গাঁৱৰ বান পৰিস্থিতি আজি চাৰিটা দিনৰ অন্তত কিছু উন্নত হৈছে৷ ব্রহ্মপুত্রৰ জলপৃষ্ঠ বাতৰি লিখা পৰলৈকে বিপদ সীমাৰ তললৈ অহাত এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ আশা দেখা গৈছে৷ উল্লেখযোগ্য যে এইবাৰ মাজুলীত বানত আক্রান্ত লোকৰ সংখ্যা হৈছে প্রায় ৭০ হাজাৰ আৰু ২,৫৩১.৬ হেক্টৰতকৈও অধিক কৃষিভূমি বানত ক্ষতিগ্রস্ত হৈছে৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like