নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলক উজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰেঃ দীপৰ বিল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল: অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত গুৱাহাটীৰ কাষৰীয়া দীপৰবিল পৰিদৰ্শন কৰে | মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জলসম্পদ মন্ত্ৰীগৰাকীয়ে দীপৰবিল ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ নদীৰ সৈতে থকা এই বিলখনৰ সংযোগী জলধাৰাৰ দৰ্শন কৰাৰ লগতে দীপৰবিল আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ জলধাৰাৰ সংযোগ মসৃণ কৰিব পৰা যায় নেকি সেই বিষয়ে বুজ লয় | পৰিদৰ্শন কালত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত নিৰ্বাচনত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰিবৰ বাবে একাংশ হ্ৰদ, দলনি তথা আন বিলৰ দৰে জলাধাৰ নদীৰ সৈতে সংযুক্ত কৰি নদীৰ পানী সোমোৱাই আনি বানপানী কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ পোষকতা কৰিছিল । গৃহমন্ত্ৰীগৰাকীৰ তেনে চিন্তাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ পাঁচটামান স্থানত বিল অথবা দলনিক পৰীক্ষামূলকভাৱে নিকটতম নদীৰ সৈতে সংযোগ কৰিব পৰাকৈ জলসম্পদ বিভাগক অধ্যয়ণ কৰাৰ বাবে আহ্বান জনাইছিল | আনহাতে অসমৰ এখন অন্যতম বিল, দীপৰ বিলক জীয়াই ৰখাৰ বাবেও ইয়াক ব্ৰহ্মপুত্ৰৰ সৈতে মসৃণভাৱে সংযোগ কৰাৰ বাবে চিন্তা চৰ্চা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জলসম্পদ মন্ত্ৰী গৰাকীক নিৰ্দেশ দিছিল | মুখ্য়মন্ত্ৰীগৰাকীৰ এনে নিৰ্দেশত আজি জলসম্পদ মন্ত্ৰীগৰাকীয়ে দীপৰবিল অঞ্চল পৰিদৰ্শন কৰি বিলখনক ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰা সুঁতিটোক পুনৰ উজ্জীৱিত কৰিব পৰাকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে | মন্ত্ৰী পীযুষ হাজৰীকাই আৰু কয় যে মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ লগতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো দীপৰ বিলক লৈ প্ৰায়ে বিধানসভাত চিন্তিত হৈ থকাৰ কথা প্ৰকাশ কৰে | দীপৰবিলক জীয়াই তুলিবলৈ বৰ্তমানৰ চৰকাৰে সুচিন্তিত আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তেঁও নিজেও দীপৰবিলক লৈ চিন্তিত আৰু কোনোপধ্যেই এই বিলক ধ্বংস হ’বলৈ দিব নোৱাৰি |

You might also like