নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জলবোমা’ৰ ৪০ মিটাৰ উচ্চ বান্ধৰ ওপৰেৰে বৈছে পানীৰ ধল

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পৰা প্রকৃতিৰ কোপদৃষ্টি আঁতৰা নাই৷ উৎসস্থল তিব্বতত বিগত মুষলধাৰ বৃষ্টিপাতৰ ফলত ফেনে–ফোটোকাৰে উপচি পৰা সোৱণশিৰি নৈৰ জলপৃষ্ঠই ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম বৃহৎ নদীবান্ধটোত অথন্তৰ ঘটাইছে৷ বিভিন্ন দল–সংগঠন আৰু অসমৰ জনসাধাৰণে ‘জলবোমা’ ৰূপে অভিহিত কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধটোৰ ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা ৪০ মিটাৰ ওপৰেৰে বৈছে পানীৰ সোঁত৷ এনে পৰিস্থিতিত নির্মাণ সম্পূর্ণ হোৱাৰ পূর্বেই মহাপ্রলয়ৰ আশংকাত উত্তৰ অসমবাসী জনসাধাৰণ এতিয়া ত্রস্তমান হৈ পৰিছে৷ কিয়নো মূল বান্ধটোৰ উচ্চতা হ’ব ১১৬ মিটাৰ৷ গেৰুকামুখৰ দৰে ভূকম্পপ্রৱণ এলেকাত এই বিশাল উচ্চতাৰ বান্ধ নির্মাণ সম্পূর্ণ হৈ উঠাৰ পাছত সোৱণশিৰিৰ জলপৃষ্ঠই কি ৰূপ লয়, তাক লৈ শংকিত হৈ পৰিছে নামনি অংশত বসবাস কৰা জনতা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে সোৱণশিৰিৰ পানীৰ ধলে ইতিমধ্যে প্রকল্পটোৰ গার্ডৱাল আৰু টানেল ৰোডৰ একাংশ খহাই নিছে৷

তদুপৰি পানীৰ সোঁতে পোনপটীয়াকৈ খুন্দা মাৰিছে পাৱাৰ হাউছত৷ প্রধানতঃ ডাইভার্চন টানেলে পানীৰ বহন ক্ষমতা হেৰুৱাই পেলোৱাৰ বাবেই এনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি নির্মাণকাৰী সংস্থা এনএইচপিচিৰ এক সূত্রত প্রকাশ৷ সূত্রটোৰ মতে, প্রকল্পটোৰ নির্মাণ সম্পূর্ণ হৈ উঠিলে ইয়াৰ ৰিজার্ভাৰত ২৩ হাজাৰ ঘনমিটাৰ পানী আবদ্ধ হৈ থাকিব৷ সোৱণশিৰি নৈয়ে প্রতি ছেকেণ্ডত ১৮ হাজাৰ ঘনমিটাৰ পানী কঢ়িয়াই আনে৷ বিদ্যুৎ উৎপাদনৰ পাছত প্রকল্পটোৰ পৰা প্রতি ছেকেণ্ডত প্রায় ৭০০ ঘনমিটাৰ পানী এৰি দিয়া হ’ব৷ এই দিশৰ প্রতি লক্ষ্য কৰিয়েই নামনি অংশৰ জনসাধাৰণ শংকিত৷ জনসাধাৰণৰ মতে, ৰিজার্ভাৰত ২৩ হাজাৰ ঘনমিটাৰ পানী আবদ্ধ কৰি ৰখাক লৈ যথেষ্ট শংকা আছে৷ তদুপৰি বিদ্যুৎ উৎপাদনৰ পাছত ছেকেণ্ডত প্রায় ৭০০ ঘনমিটাৰ পানী এৰি দিব লাগিলে নামনিত ভয়াৱহ পৰিস্থিতিৰ সূচনা হ’ব৷ উল্লেখ্য যে ২০০৫ চনত নির্মাণকার্য আৰম্ভ কৰা প্রকল্পটোৰ কাম–কাজ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনৰ প্রতিবাদত স্থবিৰ হৈ পৰিছিল৷ পৰৱর্তী সময়ত ২০১৯ চনৰ ১০ অক্টোবৰত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ এটা ৰায়ৰ দোহাই দি ইয়াৰ নির্মাণকার্য পুনৰ আৰম্ভ হয় আৰু বর্তমানে যুদ্ধকালীন গতিত অব্যাহত আছে৷ কিন্তু তিব্বতত হোৱা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নৈৰ বর্ধিত জলপৃষ্ঠই সম্প্রতি সৃষ্টি কৰা পৰিস্থিতিয়ে প্রকল্পটোলৈ কার্যতঃ কঢ়িয়াই আনিছে ভাবুকি৷ উত্তৰপৰীয়া জনসাধাৰণ আৰু বিভিন্ন দল–সংগঠন পুনৰ ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ কিন্তু ইমানৰ পাছতো এনএইচপিচি কর্তৃপক্ষই দম্ভালি মাৰিবলৈ এৰা নাই৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মুখ্য প্রবন্ধক জেনেছ চাহানীয়ে কয় যে সোৱণশিৰি নৈ ভেটিবলৈ ব্যৱহাৰ কৰা ৫টা ডাইভার্চন টানেলৰ পানীৰ বহন ক্ষমতা ৬ হাজাৰ ঘনমিটাৰ৷

ইয়াৰ বিপৰীতে প্রতিবছৰ বাৰিষাকালত নৈখনেৰে ৯–১২ হাজাৰ ঘনমিটাৰ পানী ওলাই যায়৷ বিগত প্রায় এসপ্তাহ ধৰি ৫টা ডাইভার্চন টানেলেৰে ৬ হাজাৰ ঘনমিটাৰ পানী ওলাই গৈছে আৰু নির্মীয়মাণ অৱস্থাত থকা ভূপৃষ্ঠৰ পৰা ৪০ মিটাৰ উচ্চতাৰ মূল বান্ধৰ ওপৰেদি দুদিন ধৰি প্রায় ৩,০০০–৩,৫০০ ঘনমিটাৰ পানী ওলাই গৈছে৷ সাম্প্রতিক বানৰ ফলত এনএইচপিচিৰ কোনোধৰণৰ ক্ষতি হোৱা নাই আৰু নামনি অংশৰ বাসিন্দাসকলৰো কোনোধৰণৰ ক্ষতিসাধন নকৰে৷ ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধটোৰ নির্মাণকার্য ২০২২ চনৰ জুন–জুলাই মাহত সম্পূর্ণ হ’ব বুলি উল্লেখ কৰি ২০২৩ চনৰ জুলাই মাহত প্রকল্পটোৰ উৎপাদন কার্য আৰম্ভ কৰাৰ বাবে এনএইচপিচিয়ে লক্ষ্য নির্ধাৰণ কৰাৰ কথা মুখ্য মহাপ্রবন্ধক চাহানীয়ে দম্ভালিৰে প্রকাশ কৰে৷ ইফালে, এনএইচপিচিৰ এনে দম্ভালিৰ বিপৰীতে আছুৱে কোনো কাৰণতে বৃহৎ নদীবান্ধ হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে আজি সংবাদ মাধ্যমৰ আগত কয় যে বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধটোৰ ওপৰেদি পানী তললৈ নামি আহিছে৷ গার্ডৱালখনো শংকাত পৰিছে বুলি খবৰ পাইছোঁ৷ আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে একত্রিতভাৱে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্রাম কৰিছিল৷ আমি প্রথমৰে পৰা কৈ আহিছিলোঁ যে বৃহৎ নদীবান্ধ হ’ব নালাগে৷ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা এই বান্ধটো এটা জলবোমা সদৃশ৷ সেই কথাটোৰ কাৰণে কেন্দ্রীয় চৰকাৰৰ সৈতে হোৱা বিভিন্ন আলোচনাত ইয়াৰ বিৰুদ্ধে কোৱা হৈছে৷ কেন্দ্র–ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লোৱাহেঁতেন নামনিত বসবাস কৰা জনসাধাৰণে আজি শংকাত নুভুগিলেহেঁতেন৷ ইতিমধ্যে আছুৰ তৰফৰ পৰা গোটেই বিষয়টো নিৰীক্ষণত ৰখা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে কোনো কাৰণতে বৃহৎ নদীবান্ধ হ’বলৈ দিয়া নহ’ব৷ এয়া আছুৰ স্পষ্ট কথা৷ বহুমুখী বা কৃষিকর্মত ব্যৱহাৰৰ কাৰণে বান্ধ হোৱাহেঁতেন হয়তো জনসাধাৰণ উপকৃত হ’লহেঁতেন৷ তদুপৰি নামনিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিছিল৷

লখিমপুৰ জিলা ছাত্র সন্থাই আজি ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰিছে৷ আছু উন্নয়নবিৰোধী নহয়৷ বিদ্যুৎ আমাকো লাগে৷ কিন্তু নামনি অংশত ইয়াৰ বিৰূপ প্রভাৱ পৰিব নালাগে৷ সেইদৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ তেওঁ কয়– মোক এবছৰ ৭ মাহ কাৰাগাৰত ৰাখি চৰকাৰে বৃহৎ নদীবান্ধটোৰ নির্মাণকার্য আগবঢ়াই লৈ গ’ল৷ এতিয়া মই কাৰাগাৰত নাই৷ চৰকাৰৰ লগতে এনএইচপিচিক সকীয়াই দিছোঁ– কাম বন্ধ কৰক৷ বান্ধ নির্মাণ হোৱাৰ আগতেই যদি শংকা হয়, নির্মাণ সম্পূর্ণ হ’লে অসমৰ অৱস্থা কি হ’ব? কৃষক মুক্তি সংগ্রাম সমিতিয়েও নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম সম্পূর্ণৰূপে বন্ধ ৰখাৰ দাবী জনাইছে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ প্রচাৰ সম্পাদক ৰাতুল হুছেইনে কয়– সমগ্র ৰাজ্যত গঢ়ি উঠা নদীবান্ধবিৰোধী আন্দোলনৰ ফলত ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম এনএইচপিচিয়ে বন্ধ কৰি দিবলৈ বাধ্য হৈছে৷ কিন্তু কা আন্দোলন আৰু লকডাউনৰ সুযোগ লৈ গোপনে বান্ধৰ কাম চলাই যোৱাৰ ফলত পূর্বে আশংকা কৰা ধৰণেই বৃহৎ উচ্চতাৰ মূল বান্ধ আৰু গার্ডৱালৰ বাবে বাৰিষাৰ পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ উত্তৰ অসমৰ ৰাইজৰ জনজীৱন, সভ্যতা আৰু সংস্কৃতি ধ্বংস কৰিব পৰা এই নদীবান্ধ কার্যক্ষম হ’বলৈ দিয়া নহ’ব৷

You might also like