নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মে’ৰ পৰা মুম্বাই-ৰ NMACCত WAVES-2025

'The Cube'ত উজলিব অসমৰ অলংকৃতা অভিনীত ছবি

বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : অহা ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাই-ৰ Nita-Mukesh Ambani Cultural Centre (NMACC)ত WAVES-2025 (World Audio Visual and Entertainment Summit-2025) অনুষ্ঠিত হ’ব। মূলতঃ ভাৰতীয় চিনেমা, টিভি, মিউজিক আদি Creative Industryক বিশ্বৰ লগত সংযোজিত আৰু প্ৰসাৰিত-প্ৰচাৰিত কৰাটো WAVESৰ অন‍্যতম উদেশ‍্য।

এই অনুষ্ঠানত হলীউড, বলীউডৰ লগতে বিশ্বৰ আগশাৰীৰ চিনেমা আৰু টেলিভিচন জগতৰ ডাইৰেক্টৰ আৰু প্ৰযোজনা সন্থাসমূহৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰিব।

Netflix, Meta, Instagram, YouTube, Amazon Prime, Jio আদি OTT Platformসমূহৰ Worldwide CEOসকলো ইয়াত উপস্থিত থাকিব। আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, নিউজিলেণ্ড, জাপান, কোৰিয়া, জাৰ্মেনী, ছৌদি আৰব আদি বিশ্বৰ বহু দেশৰ চৰকাৰী Film Commissionসকল আহি WAVESত জড়িত হ’বহি।

এই বৃহৎ আৰু বিশাল অনুষ্ঠানটিৰ বিশ্বজুৰি প্ৰচাৰৰ বাবে বলীউডৰ তাৰকা অমিতাভ বচ্চন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অনুপম খেৰৰ লগতে অসমৰ অলংকৃতা বৰায়ো বক্তব‍্য ৰাখিবলৈ সুযোগ পাইছে। অলংকৃতাৰ বক্তব‍্য ভাৰত চৰকাৰৰ Ministry of Information and Broadcasting, National Film Development Corporation, Film Bazaar আদিৰ Websiteত প্ৰকাশিত হৈ আহিছে।

অলংকৃতা অভিনীত তাৰা এণ্ড আকাশ- লাভ বিয়ণ্ড ৰিয়েলম (Tara and Akash- Love Beyond Realm) নামৰ পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী-ইংৰাজী চিনেমাখন ২ মে’ত WAVESত ভাৰত চৰকাৰৰ হৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰৰ অন্তৰ্গত নীতা-মুকেশ আম্বানি কালচাৰেল চেন্টাৰৰ (NMACC) “The Cube” মঞ্চত প্ৰদৰ্শিত হ’ব। চিনেমাখনৰ মূল নায়িকা অলংকতা বৰাৰ লগত অভিনয় কৰিছে জীতেশ ঠাকুৰ, আমোল পালেকাৰ, দীপ্তি নাভাল, বৈজেন্দ্ৰ কালা আদি বিখ‍্যাত তাৰকাসকলে। চিনেমাখন ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC), ছুইজাৰলেণ্ড চৰকাৰ আৰু হুইছপাৰ্ছ ফ্ৰ’ম ইটাৰ্নিটি ফিল্মছে (WFE Films) প্ৰযোজনা কৰিছে।

ইতিমধ‍্যে অলংকৃতাৰ “তাৰা আৰু আকাশ- লাভ বিয়ণ্ড ৰেলমছ” চিনেমাখন কানাডাৰ টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF)-ত বিশ্ব প্ৰিমিয়াৰ আৰু ভাৰতৰ গোৱাৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া (IFFI)ত এছিয়ান প্ৰিমিয়াৰ সম্পন্ন কৰিছে। চলচ্চিত্ৰখন অচিৰেই বিশ্বব্যাপী মুক্তি লাভ কৰিবলৈ সাজু হৈছে।

You might also like