নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাজেদক মুখ বন্ধ ৰখাৰ নির্দেশ ৰিপুণৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ মিঞা মিউজিয়ামৰ বিতর্কৰ অৱসান নৌহওঁতেই দলটোৰ আন এগৰাকী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে উগ্র সাম্প্রদায়িক মন্তব্যৰে এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰি উজনি অসমৰ ভোটাৰক কৰা তাচ্ছিল্যই সাংঘাতিক অস্বস্তিত পেলাইছে কংগ্রেছ দলক৷ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিতর্কিত মন্তব্য সন্দর্ভত নির্বিকাৰ স্থিতি গ্রহণ কৰি অহা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিষয়টোক লৈ দলৰ ভিতৰচ’ৰাত উদ্ভৱ হোৱা তীব্র অসন্তুষ্টি, প্রতিক্রিয়া, বিদ্রোহৰ ওচৰত হাৰ মানি অৱশেষত ৱাজেদ আলী চৌধুৰীক মুখবন্ধ ৰখাৰ নির্দেশ দিবলৈ বাধ্য হয়৷

সভাপতি বৰাই এক নির্দেশযোগে দলৰ প্রতিগৰাকী নেতা–কর্মীক দলৰ ক্ষতি কৰিব পৰা কোনোধৰণৰ মন্তব্য নকৰিবলৈ নির্দেশ দিয়ে অন্যথা দলে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাৰো সকীয়নি দিয়ে৷ সভাপতি বৰাই আজি সংবাদ মাধ্যমৰ আগত সেই বিষয়ে সদৰী কৰি কয় যে শ্বেৰমান আলী আহমেদৰ দৰে ৱাজেদ আলী চৌধুৰীকো বিতর্কিত মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিবলৈ দলৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷

ইপিনে বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক ৰাজু চাহু, বিধায়ক দুর্গা ভূমিজ, প্রাক্তন মন্ত্রী এতোৱা মুণ্ডাৰ পিছত আজি ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে মুখ খুলিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ বিধায়ক কুর্মীয়ে কয় যে ৱাজেদ আলী চৌধুৰীৰ দৰে লোকে উজনি অসম, নামনি অসম ভাগ ভাগ কৰাটো ডাঙৰ অপৰাধ৷ সেইদৰে একাংশ কংগ্রেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি চলি থকা চর্চা সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক কুর্মীয়ে কয় যে তেওঁ বিজেপিলৈ নাযায়৷ মোৰ মাৰ বেমাৰৰ সময়ত মাক এৰি থৈ গ’লে মই চৰিত্রহীন হ’ব লাগিব, নিমখ হাৰাম হ’ব লাগিব৷

You might also like