নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেলিফোনিক বার্তালাপত জ’ বাইডেনক অভিনন্দন মোদীৰ

ভাৰত–আমেৰিকাৰ সম্পর্ক শক্তিশালী কৰাৰ আশ্বাস মার্কিন ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচিত জ’ বাইডেনক বিজয়ৰ বাবে অভিনন্দন জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ টেলিফোনিক বার্তালাপযোগে নির্বাচিত ৰাষ্ট্রপতি বাইডেনক অভিনন্দন জনোৱাৰ লগতে প্রধানমন্ত্রী মোদীয়ে দুই দেশৰ মাজত থকা শক্তিশালী সম্পর্কৰ বিষয়েও আলোচনা কৰে৷ বাইডেনৰ উপৰি প্রধানমন্ত্রী মোদীয়ে বিজয়ৰ বাবে উপ–ৰাষ্ট্রপতি কমলা হেৰিছকো অভিনন্দন জনায়৷

প্রধানমন্ত্রী মোদীয়ে মাইক্রব্ল’গিং ছাইট টুইটাৰত বাইডেনৰ সৈতে অভিনন্দন বার্তালাপত প্রধানমন্ত্রী মোদীয়ে ভাৰত–আমেৰিকাৰ কৌশলগত অংশীদাৰিত্বৰ প্রতিশ্রুতি নতুন দিল্লীয়ে বর্তাই ৰাখিব বুলি উল্লেখ কৰাৰ লগতে ক’ভিড–১৯ মহামাৰী, জলবায়ু পৰিৱর্তন আৰু ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাক প্রাধান্য দিয়াৰ লগতে এইক্ষেত্রত উদ্বিগ্ণতাক লৈও আলোচনা হৈছে বুলি উল্লেখ কৰিছে৷

ইপিনে, প্রধানমন্ত্রী মোদীয়ে জনোৱা অভিনন্দনৰ বাবে বাইডেনে ধন্যবাদ জ্ঞাপন কৰি কয় যে গোলকীয় প্রত্যাহ্বান বিশেষকৈ ক’ভিড–১৯ মহামাৰী আৰু ভৱিষ্যতৰ স্বাস্থ্য সংকটক প্রতিৰোধ, জলবায়ু পৰিৱর্তনৰ ভাবুকিৰ সৈতে মোকাবিলা, গোলকীয় অর্থনীতিক উদ্ধাৰ, দেশৰ লগতে বিদেশতো গণতন্ত্রক শক্তিশালীকৰণ, ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰাৰ ক্ষেত্রত ভাৰতৰ প্রধানমন্ত্রীৰ সৈতে একেলগে কাম কৰিব৷

তদুপৰি বাইডেনে প্রধানমন্ত্রী মোদীক এই কথাও নিশ্চিত কৰি দিয়ে যে দক্ষিণ এছিয়াৰ বংশোদ্ভৱ প্রথম মহিলা উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ সৈতে একেলগে ভাৰত–আমেৰিকাৰ সম্পর্ক আৰু ষ্ট্রেটেজিক সহযোগিতা শক্তিশালী আৰু প্রসাৰণ কৰাত তেওঁ আগ্রহী৷ উল্লেখ্য যে ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ পিছত বাইডেনৰ ভাৰতক লৈ এই প্রথম মন্তব্য৷

You might also like