নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ মনেসজা ইছ্যুক আমি গুৰুত্বই নিদিওঁ : বিধায়ক পদ্ম হাজৰিকা

নেভিল উচ্চতৰ মাধ্যমিক ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ : “ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত অগপৰে মিত্ৰতা কৰাৰ কথা আমি এইপৰ্যন্ত ভবা নাই, দলৰ ফালৰপৰা কি নিৰ্দেশ আহে আমি বাট চাম। আমি নিজাববীয়াকৈ নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলাই আছো, আমাৰ দলৰ সাংগঠনিক স্থিতি ভাল। ৰাইজ আমাৰ লগত আছে নিৰ্বাচনকেন্দ্ৰিক কু্ছকাৱাক আমি চলাই আছো। ৰাজ্যসভাত চলি থকা আম্বেদকাৰ প্ৰসংগত কয় যে বিৰোধীয়ে ৰাইজৰ মাজলৈ যাবলৈ নিজাববীয়ালৈ ইছ্যু বিচাৰি ফুৰে। কেতিয়াবা ইছ্যু বনাইয়ো লয়। আমি বিৰোধীৰ এনে ইছ্যুক গুৰুত্ব নিদিওঁ। আম্বেদকাৰৰ প্ৰতি আমাৰ চিৰদিন শ্ৰদ্ধা আছে, আমি দলে শ্ৰদ্ধা জনাই আহিছো। গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত বিধায়কজনে কয় যে কংগ্ৰেছ এটা পুৰণা দল, আন্দোলন কৰিবলৈ নীতি নিয়ম মানিব লাগে, কংগ্ৰেছে মনা নাই। এজনৰ মৃত্যু হোৱাতো দুৰ্ভাগ্যজনক। আমি কেতিয়াওঁ অশুভ কাৰ্যক প্ৰশয় নিদিওঁ। আৰক্ষীয়ে বহুত ধৈৰ্য ধৰিলে, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলে। কংগ্ৰেছে আন্দোলন কৰিবলৈ চৰকাৰ প্ৰশাসনৰ পৰা কোনো অনুমতি লোৱা নাছিল”- এইদৰে কংগ্ৰেছ আৰু বিৰোধী দলক ক্ষুৰধাৰ সমালোচনা কৰিছে ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক, গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। আজি বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা চাৰিদুৱাৰ অঞ্চলৰ অগ্ৰণী গুণগত শিক্ষানুষ্ঠান নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়) আজি ডিৰেক্টৰ অব ট্ৰাইবেল এফেয়াৰছৰ তৰফৰপৰা আৱন্টিত তথা এক কোটি টকা ব্যয়সাপেক্ষে বিদ্যালয়ৰ ভূমিত নিৰ্মাণ হ’বলগীয়া এচ টি ছোৱালী ছাত্ৰীবাসৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে। নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত জামুগুৰি মিউনিচিপেল বোৰ্ডৰ সভানেত্ৰী পল্লৱীকা শৰ্মা মহন্ত, চতিয়া মিউনিচিপেল বোৰ্ডৰ সভানেত্ৰীগৰাকী, কাৰ্যবাহী বিষয়া প্ৰিয়ংকা দেৱী, সমাজকৰ্মী অৰুণ ভূঞা, চাৰিদুৱাৰ জিলা পৰিষদৰ সদ্যপ্ৰাক্তন সদস্য কৃষ্ণ কোচৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰু-শিক্ষাৰ্থী, ৰাইজ, দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখ্যে যে উক্ত ছাত্ৰী নিবাসটো ২০২৫ চনৰ ২৫ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিধায়ক হাজৰিকাই নিৰ্মাণকাৰী সন্থাক আহ্বান জনায় ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like