নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ শেষ মানুহজনকো বিজেপিলৈ আনিব লাগিব আমি : ড০ শর্মা

🔹 ২০২৬ৰ পূর্বে নিঃশেষ হৈ যাব কংগ্রেছ

বিশেষ বার্তা,  ৯ এপ্রিল : ২০২৬ চনৰ পূর্বে অসমত নিঃশেষ হৈ যাব কংগ্রেছ৷ কালি পুনৰ এই মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি দুপৰীয়া শিৱসাগৰত এখন গুৰুত্বপূর্ণ দলীয় সাংগঠনিক সভাত অংশগ্রহণ কৰি পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছত এতিয়া বিশেষ একো নায়েই৷ ৰাজীৱ ভৱনত বহিবলৈও মানুহ নাই৷ কংগ্রেছৰ অফিচবিলাক খালী হৈ আছে৷ বহিবলৈ মানুহ নাই৷ তদুপৰি দৈনিক দুই–এজনকৈ মানুহে বিভিন্ন অভিযোগ কৰি ওলাই আহি আছে৷ ২০২৬ চনলৈ অসমত কংগ্রেছ দল নাথাকে৷ কংগ্রেছৰ মানুহবোৰ বিজেপিত যোগদান কৰাই থকা সম্পর্কত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ল’ব লাগিব৷ ৰাষ্ট্র নির্মাণৰ বাবে ল’ব লাগিব৷ শেষ মানুহজন পর্যন্ত ল’ব লাগিব৷ পণ্ডিত দীনদয়াল উপাধ্যায়ে এইটোৱেই আমাক শিকাই থৈ গৈছে– অন্ত্যোদয়া৷ ভাৰতৰ শেষ মানুহজনো আমি বিজেপিলৈ আনিব লাগিব৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা ২০২৫ চনত বিজেপিলৈ আহিব বুলি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভূপেন বৰাৰ কথা–বতৰাতে সেই ইংগিত প্রকাশ পায়৷ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত বহিবলৈ আগবঢ়া নৰেন্দ্র মোদীক অসমৰ পৰা ১৪খন আৰু উত্তৰ–পূর্বাঞ্চলৰ পৰা সর্বমুঠ ২৫খন আসন দিয়াৰ বাবে আমি চেষ্টা চলাব লাগিব৷ যোৰহাট লোকসভা সমষ্টিত তপন গগৈৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নৱগঠিত শিৱসাগৰ সমষ্টিৰ পৰা তপন গগৈয়ে বিপুলসংখ্যক ভোট লাভ কৰিব৷ কিয়নো, সমষ্টি পুনৰ গঠনে সেই সম্ভাৱনীয়তা অধিক দৃঢ় কৰি তুলিছে৷ যদি পূর্বতেই সমষ্টি পুনৰ নির্ধাৰণ হ’লহেঁতেন, তেতিয়াহ’লে শিৱসাগৰ, নাজিৰা বিজেপিৰ দখলত থাকিলহেঁতেন৷ সম্প্রতি সমষ্টি পুনৰ নির্ধাৰণে সেই বিজয় বাস্তৱায়িত কৰি তুলিছে৷ ইপিনে, অহা ১৯ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত ৫খন লোকসভা আসনতে বিশেষ প্রতিদ্বন্দ্বিতা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই পাঁচখন আসনতে বিজেপি মিত্রজোঁটৰ প্রার্থী জয়ী হ’ব৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনত এখনকৈ আসনতহে প্রতিদ্বন্দ্বিতা হ’ব৷ অৰুণোদয়ৰ প্র–পত্র বিতৰণ সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচন হ’ল গণতন্ত্রৰ এক উৎসৱ৷ ভোটদান কৰাৰ পূর্বে সাধাৰণ ৰাইজে জানিব লাগে তেওঁলোকৰ কি উপকাৰ সাধন হ’ব৷ নির্বাচনৰ সময়টো কোৱাৰ সময়৷ আৰু নির্বাচনৰ পিছত কাম কৰাৰ সময়৷ নিবনুৱা সমস্যা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত এতিয়া নিবনুৱাই ক’তো এটকাও নিদিয়াকৈ বিনা পইচাত চাকৰি পায়৷ বিনা পইচাত ঋণ লাভ কৰে৷ সেইদৰে বর্তমানৰ চৰকাৰে গ্রহণ কৰা শূন্য সহনশীল নীতিৰ ফলত ৬০ শতাংশ অপৰাধো হ্রাস পাইছে৷ ইফালে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে নির্বাচনী প্রচাৰত জঁপিয়াই পৰা বুলি সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই উজনি অসমৰ আটাইকেইটা সমষ্টিৰ লগতে লখিমপুৰতো এইকেইদিন প্রচাৰ চলাই আছোঁ৷ কিন্তু মই ক’তো অখিল গগৈক প্রচাৰ চলোৱা দেখা নাই৷ কাৰাগাৰত থাকোঁতে আৱেগতে অখিল গগৈক ভোট দিয়া বুলি এতিয়া শিৱসাগৰৰ বহু ব্যক্তিয়ে মোক লগ পালে অনুশোচনাত দগ্ধ হোৱাৰ কথা স্বীকাৰ কৰে৷ অখিল গগৈয়ে নিজৰ চকীখনক লৈয়ে চিন্তা কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সর্বহাৰাৰ নেতা বুলি পৰিচয় দিয়া অখিল গগৈয়ে দিনৰ দিনটো চার্কিট হাউছতে বহি থাকে৷ মই যেতিয়াই ফোন কৰোঁ, অখিল গগৈয়ে সদায়ে কয় চার্কিট হাউছত বহি আছোঁ বুলি৷ যদি সঁচাকৈয়ে সর্বহাৰাৰ নেতা হ’লহেঁতেন, তেনেহ’লে অখিল গগৈয়ে দৰিদ্র পৰিয়ালৰ ঘৰতে কটালেহেঁতেন৷

You might also like