অসমীয়া ভাষাত হ’ব চিকিৎসা আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষাঃ প্ৰধানমন্ত্ৰী মোদী
নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ বাবে আজি মধ্য অসমৰ ঢেকীয়াজুলিত ৰণশিঙা বজালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
আজি ঢেকীয়াজুলিৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসমত মাতৃভাষাতো আৰম্ভ হ’ব চিকিৎসা আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অসমীয়াত পঢ়িও ভাল চিকিৎসক হ’ব পাৰিব। ভাৰতৰ স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰমৰ ক্ষণত সকলো ৰাজ্যতে সেই ৰাজ্যৰ আঞ্চলিক ভাষাত একোখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ কৰাৰ এক পৰিকল্পনা কৰি থকা হৈছে।”
আনহাতে, আজি প্রধানমন্ত্রীয়ে বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি এই চিকিৎসা মহাবিদ্যালয় দুখনে স্বাস্থ্য সেৱাৰ ক্ষেত্রতো অৰিহণা যোগাব বুলি উল্লেখ কৰে৷
I promise to people of Assam that when we come to power after the election, we will establish a medical and technical college in local language: PM Narendra Modi pic.twitter.com/1NcfLkzJIW
— ANI (@ANI) February 7, 2021