নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চোৰৰ গৃহৰ পৰা অস্ত্ৰ-সক্ৰিয় গুলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এটা চোৰক লৈ আজি ধুবুৰীৰ বালুৰচৰ অঞ্চলত একা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে, আজি পুৱা ৰাইজে গোপাল মণ্ডল নামৰ এটা চোৰক কৰায়ত্ত কৰে। সম্প্ৰতি ধুবুৰী চহৰত সংঘটিত ই-ৰিক্সাৰ বেটাৰী চুৰি, কেইবাটাও মন্দিৰকে ধৰি আন কেইবাটাও চুৰিকাৰ্য্যক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ থকা ৰাইজে ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই চোৰটোক লগত লৈ চহৰখনৰ বালুৰচৰৰ লালমিলৰ সমীপৰ গৃহত উপস্থিত হয়। চুৰি কৰা কিবা সামগ্ৰী লুকাই ৰখাৰ সন্দেহত মণ্ডলৰ গৃহত তালাচী চলাই ৰাইজে অন্যান্য আপত্তিজনক সামগ্ৰীৰ উপৰি কিছু নিচাজাতীয় টেবলেট, চোকা অস্ত্ৰ, দুটা এয়াৰ পিষ্টলৰ উপৰি কেইবাজাঁই ৭.৬২ এমএমৰ গুলীও উদ্ধাৰ কৰে। সেইবোৰ উদ্ধাৰ হোৱাৰ পিছত উপস্থিত একাংশ লোক অধিক ক্ষুব্ধ হৈ পৰে আৰু চোৰটোৰ গৃহৰ বিস্তৰ ক্ষতিসাধন কৰে। ঘটনাটো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত উত্তেজনাৰ শাম কাটে আৰু মণ্ডলক ক্ষুব্ধ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ নিয়ে। চোৰটোৰ গৃহত নিচাজাতীয় টেবলেট উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত যুৱকজন নিচাজাতীয় টেবলেটৰ বেহাৰ সৈতে জড়িত থকাৰো সন্দেহ কৰা হৈছে। আনহাতে, এটা চোৰৰ গৃহৰ পৰা মাৰণাস্ত্ৰৰ গুলী উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীৰ তদন্তত সকলো উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like