তথাকথিত ৱেব প’র্টেলৰ সাংবাদিকসহ চাৰিজনক গ্রেপ্তাৰ
মন্ত্রী ড০ শর্মাক জনমানসত হেয় প্রতিপন্ন কৰাৰ চক্রান্ত
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সামাজিক মাধ্যমত হেয় প্রতিপন্ন কৰাৰ অভিযোগত প্রতিবিম্ব লাইভ নামৰ ৱেব প’র্টেলটোৰ চাৰিজনকৈ তথাকথিত সাংবাদিকক দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত তথাকথিত সাংবাদিককেইজন ক্রমে ৱেব প’র্টেলটোৰ মুখ্য সম্পাদক তৌফিক উদ্দিন আহমেদ, বার্তা সম্পাদক আছিফ ইকবাল হুছেইন, নজৰুল হুছেইন আৰু নজমুল হক৷ মন্ত্রী ড০ শর্মাক জনমানসত হেয় প্রতিপন্ন কৰাৰ উদ্দেশ্যে মন্ত্রীগৰাকী আৰু তেওঁৰ জীয়ৰীৰ এখন ফটো সামাজিক মাধ্যমত বিকৃত ৰূপত প্রচাৰ কৰিছিল এটা চক্রই৷ প্রতিবিম্ব লাইভ নামৰ ৱেব প’র্টেলটোৱে সামাজিক মাধ্যমত প্রকাশ পোৱা ছবিখনৰ সত্যাসত্য বিচাৰ নকৰি বিকৃত ৰূপ দি প্রকাশ কৰে৷ কালি মন্ত্রী ড০ শর্মাৰ পত্নী ৰিণিকি ভূঞা শর্মাই প্রতিবিম্ব লাইভ নামৰ ৱেব প’র্টেলটোৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ)/২১১/৫০৯/৫০০/৫০৬ আৰু পস্ক’ আইনৰ ১৪ (১), ১৪, ১৫, ২১, ২৩ ধাৰাৰ অধীনত ৬১২/২০২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ দিছপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই প্রতিবিম্ব লাইভৰ মুখ্য সম্পাদক তৌফিক উদ্দিন আহমেদসহ ৪জনক গ্রেপ্তাৰ কৰে৷
বুধবাৰে দিছপুৰ থানাৰ আৰক্ষীয়ে ধৃত অভিযুক্তকেইজনক কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই সাত দিনৰ জিম্মাত বিচাৰে৷ আদালতে ধৃত ৪ অভিযুক্তক ৫ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ সম্প্রতি দিছপুৰ আৰক্ষীয়ে ধৃত অভিযুক্তকেইজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ইফালে দিছপুৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই বুধবাৰে যুটীয়াভাৱে প্রতিবিম্ব লাইভৰ জোনালীস্থিত কার্যালয়ত অভিযান চলাই কেইবাটাও কম্পিউটাসহ বহু গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰাৰ লগতে মিজুল হক নামৰ এজনক আটক কৰি সোধা–পোছাৰ অন্তত এৰি দিয়ে৷ এই ঘটনাৰ লগত এটা শক্তিশালী চক্র জড়িত থকাৰো সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য প্রকাশ কৰা নাই যদিও এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰু কেইবাজনো জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে প্রতিবিম্ব লাইভ নামৰ ৱেব প’র্টেলটোৰ সাংবাদিকক ধন দাবীৰ অভিযোগত পূর্বেও মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷
ডিব্রুগড়ত যুৱ মর্চাৰ গোচৰ
মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত সামাজিক মাধ্যমত প্রচাৰ কৰাৰ অভিযোগত ডিব্রুগড় বিজেপি যুৱ মর্চাই আজি সদৰ থানাত এটা গোচৰ ৰুজু কৰে৷ প্রতিবিম্ব লাইভ নামৰ ৱেব প’র্টেলটো আৰু নাং নয়মমণি গগৈ নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে যুৱ মর্চাই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷ ডিব্রুগড় বিজেপি যুৱ মর্চাই এই নিকৃষ্ট বাতৰি প্রকাশ কৰা কার্যক ধিক্কাৰ দিয়াৰ লগতে অভিযুক্তক কঠোৰ শাস্তি প্রদানৰ দাবী উত্থাপন কৰিছে৷
চামগুৰি থানাত এজাহাৰ দাখিল
মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত প্রচাৰ কৰা দুষ্টচক্রটোৰ বিৰুদ্ধে আজি কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই চামগুৰি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা মতে, প্রতিবিম্ব লাইভ, অণিমা বৰুৱা শর্মা, ৰিংকু কেওট আৰু নাং নয়নমণি গগৈ নামৰ ফেচবুক একাউণ্টকেইটাৰ পৰা জনপ্রিয় মন্ত্রী ড০ শর্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত অপপ্রচাৰ চলাই মন্ত্রীগৰাকীক সমাজত হেয় প্রতিপন্ন কৰিবলৈ চেষ্টা কৰা দুষ্টচক্রটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰে৷
মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত
অশালীন মন্তব্যক লৈ চাঞ্চল্য, শিৱসাগৰৰ কাঠপাৰাৰ যুৱতীক গ্রেপ্তাৰ
ৰাজ্যৰ স্বাস্থ্য, বিত্ত শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অতি নিকৃষ্ট পর্যায়ৰ অশ্লীল মন্তব্য কৰাৰ অভিযোগত গ্রেপ্তাৰ হ’ল শিৱসাগৰৰ এগৰাকী যুৱতী৷ সামাজিক মাধ্যমত নিজৰ বিকৃত মানসিকতাৰ পৰিচয়েৰে পোষ্ট দি শিৱসাগৰ আৰক্ষীৰ জালত পৰা যুৱতীগৰাকী শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তর্গত কাঠপাৰা নিৱাসী নয়ণমণি গগৈ বুলি জানিব পৰা গৈছে৷ শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে পুৱা নিজ গৃহৰ পৰা কৰায়ত্ত কৰি অনা নয়নমণিক দীর্ঘসময় ধৰি শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত সোধা–পোছা কৰে৷ চাইবাৰ ক্রাইম বিভাগৰ কেইবাগৰাকী বিষয়াই প্রায় ৩ ঘণ্টা সোধা–পোছা কৰাৰ অন্তত গোচৰ নং ১৯৯/২০২১ৰ আধাৰত আনুষ্ঠানিক গ্রেপ্তাৰ কৰে৷
উল্লেখ্য যে কাঠপাৰা নিৱাসী ২৫ বছৰীয়া এই যুৱতীগৰাকীয়ে নিজৰ একাউণ্টত মন্ত্রী ড০ শর্মা সন্দর্ভত অতি অশ্লীল ভাষাৰ এটা পোষ্ট আপলোড কৰিছিল৷ এই সন্দর্ভত শিৱসাগৰ জিলা বিজেপি যুৱ মর্চাৰ সভাপতি ৰাহুল গগৈ আৰু দৃষ্টি প্রিয়া দত্ত নামৰ এগৰাকী যুৱতীয়েও পৃথকে পৃথকে সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ৷ উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৫০০/৫০৯ তথা পস্ক’ আইনৰ ধাৰা ১৪ৰ উপৰি আই টি এক্টৰ ধাৰা ৬৭ বি (বি) আৰু ৬৭ বি (ডি)ৰ অধীনত নয়নমণি গগৈ নামৰ যুৱতীগৰাকীক গ্রেপ্তাৰ কৰে৷ এগৰাকী সদৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত সমগ্র অনুসন্ধান প্রক্রিয়া আগবঢ়াই নিয়া শিৱসাগৰ আৰক্ষীয়ে নয়নমণি গগৈৰ জিম্মাৰ পৰা ম’বাইল ফোনটোও জব্দ কৰে৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত অভিযুক্ত যুৱতীগৰাকীয়ে নিজেই এই অশালীন মন্তব্য সামাজিক মাধ্যমত পোষ্ট কৰা বুলি স্বীকাৰ কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ যি সময়ত বিশ্বৰ সবাতোকৈ জনপ্রিয় মাধ্যমটোৰ জৰিয়তে বহু যোগাত্মক সৃষ্টিৰাজি দৈনিক সম্পাদন হৈ আহিছে, সেই সময়তেই চৰম বিকৃত মানসিকতাৰে একাংশই সাময়িক তৃপ্তিৰ বাবে বাছ–বিচাৰ নোহোৱাকৈ পিতা–পুত্র, পিতৃ–কন্যাৰ পৱিত্র সম্পর্ককো অপৱিত্রৰ চেকা লগাবলৈ চেষ্টা চলোৱা নয়নমণিৰ দৰে চাইবাৰ অপৰাধীৰ কর্মকাণ্ডই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ সচেতন মহলে এনে বিকৃত মানসিকতাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে৷
সামাজিক মাধ্যমত ড০ হিমন্ত বিশ্ব শর্মাৰ
ফটো বিকৃত, বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল
সামাজিক মাধ্যমত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এখন ফটো বিকৃত কৰি এৰি দিয়া কার্যৰ বিৰুদ্ধে আজি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ড০ শর্মাৰ একাংশ অনুগামীয়ে এই সন্দর্ভত আজি বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ উল্লেখ্য যে প্রতিবিম্ব লাইভ নামৰ এটা ৱেব প’র্টেলে কালি ড০ শর্মাৰ এখন ফটো বিকৃত কৰি সামাজিক মাধ্যমত এৰি দিয়ে৷ ইয়াৰ পাছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় জালুকবাৰী সমষ্টিৰ ৰাইজৰ মাজত৷ তীব্র বিতর্কৰ সূচনা কৰি সামাজিক মাধ্যমত এৰি দিয়া ৱেব প’র্টেলটোৰ লগতে সামাজিক মাধ্যমত অপপ্রচাৰত লিপ্ত নাং নয়নমণি গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিভিন্ন দল–সংগঠন৷
যুৱ মর্চাৰ ৰঙাপৰা নগৰ মণ্ডলৰ গোচৰ
সামাজিক মাধ্যমত অসম চৰকাৰৰ এগৰাকী মন্ত্রীক উদ্দেশ্যি আপত্তিজনকভাৱে সমাজৰ আগত হেয় প্রতিপন্ন কৰিব বিচৰা কার্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ভাৰতীয় যুৱ মর্চা ৰঙাপৰা নগৰ মণ্ডল৷ আজি ৰঙাপৰা নগৰ মণ্ডলৰ সভাপতি ভূষণ চৌধুৰীয়ে এই সন্দর্ভত এটা গোচৰ ৰঙাপৰা আৰক্ষী থানাত দাখিল কৰে৷