বুধবাৰে ক’ভিডত আক্রান্ত ৮৮৬ মৃত্যু ১৪জনৰ
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা৷ বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৮৮৬জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৬১জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বৰপেটাৰ ৭২জন, গোলাঘাটৰ ৫০জন আৰু কামৰূপৰ ৪৬জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,০১,৬৬৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮৭ শতাংশ৷
ইফালে, বুধবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,০৯৮জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৯,৪৭২জন৷ বুধবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১৪জন লোকৰ৷ ইয়াৰে ডিব্রুগড়, কামৰূপ (মহানগৰ) আৰু ওদালগুৰিৰ দুজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ তদুপৰি কাছাৰ, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কার্বি আংলঙৰ এজনকৈ লোকৰ ক’ভিডত প্রাণহানি হৈছে৷