নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ বুধবাৰে পুনৰ সামান্য পৰিমাণে বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্রান্ত হৈছে ১,২৭৬জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৬১জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটত ৯৮জন, লখিমপুৰত ৯৫জন আৰু নগাঁৱত ৬৬জন লোক ক’ভিডত আক্রান্ত হৈছে৷
আক্রান্তৰ হাৰ বুধবাৰে ১.১৪ শতাংশলৈ বৃদ্ধি পাইছে৷ ৰাজ্যত বুধবাৰে মুঠ ১,১২,৩৩২টা নমুনাৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে৷ বুধবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,৭৯১জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৩,১৫২জন৷ ইপিনে ক’ভিডত প্রাণ হেৰুৱাইছে ২১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৪জন লোক যোৰহাট জিলাৰ৷
উল্লেখ্য যে ৰাজ্যজুৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে চলোৱা এক শেহতীয়া সমীক্ষা অনুসৰি ৰাজ্যৰ মুঠ ৫০.৩ শতাংশ লোকৰ শৰীৰত পোৱা গৈছে এণ্টি ব’ডী৷ যোৱা ১৪ জুনৰ পৰা ৬ জুলাইলৈ পৰিষদে এই সমীক্ষা চলাইছিল৷ ইফালে এসপ্তাহৰ ভিতৰত পৰিস্থিতি উন্নত হ’ব বুলি আশা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷
বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী মহন্তই কয় যে ৰাজ্যত এক কোটিতকৈও অধিক লোকক ভেকচিন প্রদান কৰা হৈছে৷ এসপ্তাহৰ ভিতৰত ৰাজ্যলৈ এটা ভাল পৰিৱেশ উভতি আহিব বুলি আশা কৰিব পাৰি৷ অৱশ্যে এই সপ্তাহত কোনোধৰণৰ আন শিথিলতা প্রদান কৰা নহ’ব বুলি উল্লেখ কৰি সম্প্রতি আন্তঃজিলা যাতায়াত বন্ধ থকাৰ কথাও তেওঁ সদৰী কৰে৷
অৱশ্যে ক্রমাগতভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন ৰোগীৰ বাবে পূর্ণকালীন সেৱা প্রদানৰ যো–জা চলাই থকা হৈছে বুলি তেওঁ সদৰী কৰিছে৷ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইমাৰজেন্সী ভৱন, পার্কিং আস্থানত থকা সুবিধা আৰু সৰুসজাইত ক’ভিডৰ চিকিৎসা অব্যাহত ৰখা হৈছে৷ ইতিমধ্যে হাস্পতালখনৰ ছুপাৰ স্পেচিয়েলিটীত ক’ভিড চিকিৎসা বন্ধ কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰিছে৷