নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বৰাক উপত্যকাৰ ট্রেইন যাতায়াতকাৰীৰ বাবে সুখবৰ। ১৯ জুন সোমবাৰৰ পৰা ২৯ আগষ্ট মঙলবাৰলৈ শিলচৰ আৰু নাহৰলগুনৰ মাজত ০৫৬৩৮ নম্বৰৰ গ্ৰীষ্মকালীন ট্ৰেইনখন চলাচল আৰম্ভ হ’ব। এই সাপ্তাহিক বিশেষ ট্ৰেইনখনে দুপৰীয়া ১:৩০ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু অহা মঙলবাৰে পুৱা ৮:৩০ বজাত নাহৰলগুনত উপস্থিত হ’ব। ইয়াৰ পাছতে ৰে’লখনে পুৱা ১০ বজাত নাহৰলগুনৰ পৰা শিলচৰ অভিমুখে ৰাওনা হ’ব বুলি ৰে’লৱে সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ট্রেইন খন শিলচৰ-বদৰপুৰ, নিউ হাৰংগাজাও, নিউ হাফলং, মাইবং, লামডিং, ডিফু, ডিমাপুৰ, সৰুপথাৰ, ফৰকাটিং, মৰিয়ানী, শিমুলগুৰি, নতুন তিনিচুকীয়া, ধেমাজি, গোগামুখ, উত্তৰ লক্ষীমপুৰ আৰু হাৰমতী হৈ গন্তব্যস্থান নাহৰলগুনলৈ যাব ৰেলখনে।
প্ৰেৰক গৌতম তালুকদাৰ