নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বৈঠক আদৰণী সমিতিৰ

নিয়মীয়া বাৰ্তা, ২০ জুলাই : অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখন ২০২৪ চনৰ ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ ফ্ৰেব্ৰুৱাৰীলৈ বৰ্ণিল কাৰ্যসূচীৰে মৰিগাঁও-নগাঁও জিলাৰ সীমামূৰীয়া বাৰপূজীয়াত অনুষ্ঠিত হ’ৱ৷ বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে অনুষ্ঠিত হ’ৱ লগা অধিৱেশনখনি সাফল্য মণ্ডিত আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে আজি অধিৱেশন খনিৰ সন্দৰ্ভত আদৰণী সমিতিৰ এটি প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এটি আলোচনাত মিলিত হয়৷ বিশেষ অধিৱেশনখন সফল ৰূপায়ণৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে আদৰণী সমিতিৰ প্ৰতিনিধি দলটিয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগত আলোচনা মিলিত হয় ক্ৰমে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া ৷

প্ৰেৰক মানস নাথ

You might also like