বিজেপিতকৈ এখন হ’লেও আসন আমি বেছিকৈ পামঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ অসমত তিনিটা পর্যায়ত অনুষ্ঠিত ভোটগ্রহণৰ মঙলবাৰে সামৰণি পৰে৷ অহা দুই মে’ত ভোটগণনা অনুষ্ঠিত হ’ব৷ ভোটগণনাৰ পূর্বেই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এইবাৰ মহাজোঁটে ১০১ আসন দখলেৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ বুধবাৰে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সভাপতি বৰাই কয় যে এইবাৰ নির্বাচনত অসমৰ ৰাইজে যোগ্য প্রত্যুত্তৰ দিছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ১০১খন আসন দখল কৰি চৰকাৰ গঠন কৰিব৷ তেওঁ কয়– পূর্বতেও আমি ১০১ৰ কথা কৈ আহিছোঁ, আজিও কওঁ, কাইলৈও ক’ম– আমাৰ আসনৰ সংখ্যা ১০১ত থাকিব৷ বিজেপিতকৈ এখন হ’লেও আমাৰ আসন বেছি থাকিব৷ তিনিওটা পর্যায়তে মহাজোঁটে সাংঘাটিক ধৰণে সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ তাত কোনো সন্দেহ নাই৷ সেইদৰে নির্বাচনী ফলাফলৰ পাছত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমর্থনৰ প্রসংগত তেওঁ কয় যে মহাজোঁটৰ চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ প্রয়োজন নহ’ব যদিও সকলো বিজেপিবিৰোধী শক্তি একেলগে থকাটো মহাজোঁটে বিচাৰে৷ এই সংক্রান্তত তেওঁলোকক বহুবাৰ আহ্বান জনাই আহিছে৷
আনহাতে, মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি প্রকাশ কৰিও প্রদেশ কংগ্রেছৰ সভাপতি বৰাই গোৱা, মধ্যপ্রদেশ, কর্ণাটক, মণিপুৰ, মেঘালয়ৰ দৰে অসমতো বিজেপিয়ে হর্ছ ট্রেডিঙৰ চেষ্টা চলোৱাৰ শংকা ব্যক্ত কৰি এইক্ষেত্রত মহাজোঁটে অতি সাৱধানতা অৱলম্বন কৰিব বুলি কয়৷ তেওঁ মহাজোঁটক এই সন্দর্ভত সতর্ক হৈ থকাৰ আহ্বান জনায়৷ সংবাদ মেলখনত তেওঁ নির্বাচনৰ প্রথম দুটা পর্যায়ৰ পাছত কালি অনুষ্ঠিত তৃতীয় পর্যায়ৰ ভোটগ্রহণত ৰাইজৰ ব্যাপক সঁহাৰি পৰিৱর্তনৰ সপক্ষে পৰিপক্বতাৰ পৰিচয় বুলি অভিহিত কৰি কয় যে ভোটদানৰ হাৰ অধিক বৃদ্ধি মানেই স্থিতাৱস্থাৰ পৰিৱর্তন বিচাৰি কৰা ৰায়দান৷ তিনিওটা পর্যায়ৰ নির্বাচনত জনসাধাৰণে ব্যাপক হাৰত ভোটদান কৰাৰ বাবে তেওঁ ৰাইজৰ লগতে কংগ্রেছ কর্মীসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ কংগ্রেছৰ ৰাষ্ট্রীয় নেতা ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল, এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, মুকুল ৱাছনিক, আৰ জে ডিৰ মুৰব্বী তেজস্বী যাদৱ, চি পি আই (এম)ৰ ৰাষ্ট্রীয় নেতা সীতাৰাম য়েছুৰী আদিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷
ইপিনে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত বিভিন্ন স্থানত ই ভি এম উদ্ধাৰ আদি ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ ই ভি এমসমূহ সুৰক্ষিত কৰি ষ্ট্রং ৰুমত ৰখাৰ ব্যৱস্থা কৰিবলৈ নির্বাচন আয়োগক দাবী জনায়৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত পাথাৰকান্দিৰ বিজেপি বিধায়কৰ বাহনেৰে ই ভি এম কঢ়িয়াই অনাৰ পাছতো বিধায়কগৰাকীক গ্রেপ্তাৰ নকৰাত নির্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰতো তেওঁ সন্দেহ প্রকাশ কৰে৷ এই সম্পর্কত তেওঁ কয় যে বিজেপি চৰকাৰৰ হেঁচাতেই নির্বাচন আয়োগে কাম কৰাৰ সন্দেহ হৈছে৷ এই সংক্রান্তত অসমৰ ৰাইজ পতিয়ন যোৱাকৈ নির্বাচন আয়োগে যুক্তিসংগত স্পষ্টীকৰণ আগবঢ়োৱা উচিত৷ ষ্ট্রং ৰুমত ই ভি এমসমূহ যাতে সুৰক্ষিত হৈ থাকে, তাৰ প্রতি যথোচিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে ষ্ট্রং ৰুমসমূহত স্থাপন কৰা চিচি টিভিৰ লিংক প্রতিটো সমষ্টিৰ প্রতিদ্বন্দ্বী প্রার্থীসকলক দিয়াৰ দাবী জনাই তেওঁ কয় যে ৰিটার্নিং বিষয়াই যিদৰে চিচি টিভিৰ জৰিয়তে ষ্ট্রং ৰুম নিৰীক্ষণ কৰি থাকিব পাৰে, সেইদৰে প্রার্থীসকলকো সেই দিশটো নিৰীক্ষণত ৰখাৰ বাবে চিচি টিভিৰ লিংক দিব লাগে৷ এই সংক্রান্তত তেওঁ আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েলৈ এখন পত্রও প্রেৰণ কৰে৷
সেইদৰে ভোটগ্রহণৰ সময়ছোৱাত ভোটকেন্দ্রৰ ওচৰত প্রচাৰ চলোৱাৰ বাবে আৰক্ষীয়ে বিজেপি কর্মীক গ্রেপ্তাৰৰ পাছত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আৰক্ষীক ভাবুকি দিয়া সন্দর্ভতো তেওঁ মন্ত্রীগৰাকীৰ বিৰুদ্ধে আয়োগক ব্যৱস্থা গ্রহণৰ দাবী জনায়৷ সংবাদ মেলখনত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই ছত্তিশগড়ত মাওবাদীৰ আক্রমণত নিহত নিৰাপত্তাৰক্ষী জোৱানক লৈ সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰাৰ বাবে গ্রেপ্তাৰ কৰা শিখা শর্মা সম্পর্কত কয় যে শর্মাক গ্রেপ্তাৰৰ পাছতেই একাংশ বিজেপি সমর্থকে মহিলাগৰাকীক গণধর্ষণ কৰাৰ দৰে কটু মন্তব্য কৰিছে৷ আৰক্ষীয়ে সেইসকল লোকৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা লোৱা নাই৷