বহি:ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ গৈ প্ৰতাৰিত নগাঁৱৰ ছাত্ৰ
মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰি ন্যায় প্ৰদানৰ আহ্বান
বিশেষ বাৰ্তা, ১৯ মে’ : বহিঃৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ নামত ৰাজ্যৰ একাংশ ছাত্র-ছাত্রী প্ৰতাৰণাৰ বলি হোৱা তথা সৰ্বস্বান্ত হোৱাৰ ঘটনা নতুন নহয়।এনে অভিযোগ সততে উত্থাপিত হৈ আহিছে।শেহতীয়াকৈ এম বি বি এছ পাঠ্যক্ৰমত অধ্যায়ন কৰাৰ বাবে বহি:ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ এখন মেডিকেল কলেজত নাম ভৰ্তি কৰিবলৈ গৈ নগাঁৱৰ এগৰাকী ছাত্ৰই চৰম প্ৰতাৰণাৰ সন্মুখীন হোৱা বুলি উত্থাপিত অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
নগাঁও চহৰৰ ইটাচালি নিবাসী অৱসৰপ্ৰাপ্ত পৰিকল্পনা বিষয়া বিজয় বিশ্বাসৰ পুত্ৰ দেৱজিৎ বিশ্বাসে ২০২৪ বৰ্ষত নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও চৰকাৰী খণ্ডৰ মেডিকেল কলেজত নাম ভৰ্তিৰ সুবিধা লাভ নকৰাত বহি:ৰাজ্য হাৰিয়ানালৈ ঢাপলি মেলে। সেই অনুসৰি উক্ত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজত নাম ভৰ্তি কৰাৰ বাবে সেই বৰ্ষৰ মে’ মাহত অনলাইন আবেদন জনাই।
নিয়ম অনুসৰি অনলাইন আবেদনৰ সৈতে এক লাখ টকাৰ নিৰাপত্তাৰ ধন আদায় দিয়ে। ইয়াৰ পিছত অৰ্থাৎ যোৱা বৰ্ষৰ অক্টোবৰ মাহত সংশ্লিষ্ট কৰ্তৃপক্ষই মেলযোগে জনাই যে হাৰিয়ানাৰ আলফালা মেডিকেল কলেজত নাম ভৰ্তি কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিত্তিতে নিয়ম অনুসৰি ছাত্ৰ গৰাকীৰ অভিভাৱকে মেডিকেল কলেজখনৰ নিৰ্দিষ্ট একাউন্টত শৈক্ষিক মাচুল হিচাপে প্ৰথম কিস্তিত ৭,১৮,৭৫০ টকা আদায় দিয়ে। এই ধন লাভ কৰাৰ পিছত ছাত্র গৰাকীক ২ অক্টোবৰত নথি পত্ৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ৰাজ্যখনৰে পণ্ডিত ডি বি বিশ্ববিদ্যালয়লৈ মাতি পঠাই।
সেই অনুসৰি ছাত্ৰ গৰাকীয়ে অভিভাৱক সহ হাৰিয়ানাত ১ অক্টোবৰত উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত ব্যক্তিগত কাৰণত উক্ত মেডিকেল কলেজত অধ্যায়ন নকৰাৰ সিদ্ধান্ত লয়। সেইদিনা নিশাই এই বিষয়ে সংশ্লিষ্ট কলেজ কৰ্তৃপক্ষক মেলযোগে অৱগত কৰাত কলেজ কৰ্তৃপক্ষই জনাই নিৰ্দিষ্ট নিয়ম অনুসৰি সমুদায় ধন নিৰ্দিষ্ট একাউণ্টযোগে ঘুৰাই দিয়া হ’ব বুলি অৱগত কৰে। কিছুদিন অতিবাহিত হোৱাৰ পিছতো ধনৰাশি ঘুৰাই নোপোৱাত বাৰম্বাৰ সংশ্লিষ্ট কলেজ কৰ্তৃপক্ষ আবেদন জনাইয়ো সফল নহ’ল।
এইবাৰ ছাত্ৰ গৰাকীৰ অভিভাৱকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন যোগে প্ৰশ্ন কৰে যে যিহেতু তেওঁৰ পুত্ৰই আলফালা মেডিকেল কলেজখনত অধ্যয়ন নকৰে, সেয়েহে শৈক্ষিক খৰচৰ বাবদ জমা দিয়া সৰ্বমুঠ ৮,১৮,৭৫০ টকা ঘুৰাই দিব নে নাই আৰু কেতিয়া ধনৰাশি ঘুৰাই দিব। এই বুলি প্ৰশ্ন কৰাত এমাহে কোনো উত্তৰ নিদিয়াত বিধি মতে আৰ টি আই আইনৰ অধীনত প্ৰথম আপীল আবেদন কৰাতহে গা লৰিল কলেজ কৰ্তৃপক্ষৰ। অৱশেষত কলেজ কৰ্তৃপক্ষই এখন চিঠি যোগে জনাই যে ছাত্ৰ গৰাকীৰ নাম ভৰ্তিৰ ধনৰাশি সমুহ ইতিমধ্যে ৰীতিশ কুমাৰ নামৰ এজন লোকৰ একাউণ্টত জমা দিয়া হৈছে।
ইয়াৰ পিছতেই ছাত্ৰ তথা অভিভাৱক গৰাকীৰ মূৰত সৰগ ভাঙি পৰিল এই কাৰণেই যে তেওঁলোকৰ প্ৰাপ্য ধনৰাশি আন এগৰাকী অচিনাকি লোকৰ একাউণ্টত জমা দিয়াৰ কাৰণ কি বা এই কৰ্তৃত্ব কোনে প্ৰদান কৰিলে। এনেবোৰ প্ৰশ্নই অভিভাৱক গৰাকীক বাৰুকৈয়ে চিন্তাত কৰি তুলিলে। অৱশেষত চকুৰে সৰিয়হৰ ফুল দেখা অভিভাৱক গৰাকীয়ে সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন কৰি তেওঁৰ প্ৰাপ্য ধন ঘুৰাই পোৱাৰ কাতৰ অনুৰোধ জনাই। ইয়াৰ পিছতো কোনো ন্যায় নোপোৱাত ছাত্ৰ গৰাকীৰ পিতৃ বিজয় বিশ্বাসে যোৱা জানুৱাৰী মাহত দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিলে।অদ্যপি কোনো ন্যায় লাভ নকৰা অৱসৰপ্ৰাপ্ত বিষয়াজনে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰি তেওঁক ন্যায় প্ৰদানৰ অনুৰোধ জনাইছে।