আগমনিত আশ্রয় লোৱা বংগৰ বিজেপি কর্মীৰ কাষত ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা ৬ মেঃ পশ্চিমবংগত তৃণমূল কংগ্রেছ পুনৰ ক্ষমতালৈ অহাৰ পিছতে দলটোৰ কর্মীয়ে আক্রমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ সমর্থক আৰু কার্যকর্তাক৷ ইতিমধ্যে নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই তৃণমূল কংগ্রেছ কর্মীৰ আক্রমণত নিহত আৰু গুৰুতৰভাৱে আহত হৈছে বহু বিজেপি কর্মী৷ তৃণমূল কংগ্রেছ কর্মীৰ ভয়ংকৰ হিংসাত্মক আক্রমণৰ শংকাত অসমৰ সীমামূৰীয়া জিলাত আশ্রয় লৈছে বহু বিজেপি সমর্থক আৰু বিজেপি কর্মী৷ ধুবুৰী জিলাৰ আগমনি সীমান্তৰ ৰণপাগলীত আশ্রয় লোৱা এনে শৰণার্থীক আজি সাক্ষাৎ কৰিলে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ সাংসদ ৰাজদীপ ৰয় আৰু বিধায়ক ইউ জি ব্রহ্মক লগত লৈ আগমনি ৰণপাগলী এম ভি স্কুলত উপস্থিত হৈ সভাপতি ৰঞ্জিত দাসে শৰণার্থীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থা বুজ লয় আৰু কিছু সাহায্য সামগ্রী বিতৰণ কৰে৷
এই সন্দর্ভত দাসে কয় যে এনে ঘটনা সমগ্র দেশৰ বাবে হূদয়বিদাৰক৷ গণতান্ত্রিক দেশ এখনত নির্বাচনক লৈ হোৱা হিংসাত্মক ঘটনাই বিশ্বজুৰি আমাক লজ্জানত কৰিলে৷ এই দুখজনক ঘটনাত প্রায় ৩০০–৪০০ বিজেপিৰ কার্যকর্তা অত্যাচাৰৰ বলি হৈছে৷ তৃণমূল কংগ্রেছ কর্মীয়ে বিজেপি কার্যকর্তাসকলৰ পৰিয়ালৰ সদস্যক আক্রমণৰ লক্ষ্য কৰি লৈছে৷ মমতা বেনার্জীৰ নেতৃত্বত তেওঁৰ দলৰ কর্মীয়ে কৰা এনে পৈশাচিক অত্যাচাৰক বিজেপিয়ে তীব্র ভাষাৰে গৰিহণা দিছে৷ তৃণমূল কর্মীয়ে এনে নিকৃষ্ট মনোবৃত্তিৰ ৰাজনীতি বন্ধ কৰিবলৈ হ’লে ৰাষ্ট্রপতি শাসনৰ প্রয়োজন হ’ব বুলি তেওঁ মন্তব্য কৰে৷
ইফালে, বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিৰ বিজেপিৰ মণ্ডল সভাপতি উৎপল দাসে জানিবলৈ দিয়া মতে, আগমনি থানাৰ অন্তর্গত অসমৰ সীমান্তৰ বংগৰ ঝাওকুটি বালাভোট আৰু গোপালেৰকুটি গাঁৱত গাঁওবাসীয়ে তৃণমূল কংগ্রেছ কর্মীৰ পৰা জীৱনৰ নিৰাপত্তা বিচাৰি অসমত আশ্রয় লৈ আছে যদিও এই পৰিয়ালৰ ঘৰ–বাৰীৰ লগতে পশুধন কাঢ়ি লৈছে তৃণমূল কংগ্রেছৰ সমর্থকে৷ বিধানসভা নির্বাচনত অসমত আশ্রয় লোৱা লোকসকলে বিজেপি প্রার্থীক ভোটদান কৰাৰ অভিযোগ কৰি তৃণমূলৰ কংগ্রেছ কর্মীয়ে আক্রমণৰ মূল লক্ষ্য কৰি লৈছে বিজেপিৰ কার্যকর্তা আৰু তেওঁলোকৰ পৰিয়ালক৷ ইতিমধ্যে ৰণপাগলী এম ভি স্কুলত তিনি শতাধিক আৰু ছাগলীয়াৰ পোকালাগী এম ভি স্কুলত দুই শতাধিক লোকে আশ্রয় লৈছে৷ তৃণমূল কংগ্রেছ কর্মীৰ আক্রমণৰ শংকাত অসমলৈ বিজেপিৰ কার্যকতা আৰু সমর্থক পলাই অহা আজিও অব্যাহত আছে৷ বুধবাৰে পুনৰ ২১গৰাকী লোক শ্রীৰামপুৰ হৈ অসমত আশ্রয় লয়হি৷
বুধবাৰে, গোলকগঞ্জৰ নৱনির্বাচিত বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰ, প্রাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী জিলাৰ উপায়ুক্ত দেৱ কুমাৰ কলিতা, আৰক্ষী অধীক্ষক আনন্দ মিশ্রই আশ্রয়স্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আশ্রয় লোৱা লোকসকলৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইতিমধ্যে গোলাপী দাস (৩০), ফুলমালা দাস (৬৫) আৰু ৰাণু দাস (৩৫) নামৰ তিনিগৰাকী শৰণার্থী ক’ভিড আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা দলটোৱে ছাগলীয়া পোকালাগী জে বি বিদ্যালয়ত থকা আন এটা শিবিৰো পৰিদর্শন কৰে৷ উল্লেখ্য যে তৃণমূল কংগ্রেছ কর্মীৰ এনে আক্রমণৰ প্রতিবাদত আজি সমগ্র অসমতে ৰাজ্যিক বিজেপিয়ে অৱস্থান ধর্মঘটেৰে প্রতিবাদ সাব্যস্ত কৰে৷