নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰে মোকাবিলাঃ ভাৰতৰ ৬১ শতাংশ জনসাধাৰণেই অসন্তুষ্ট–ক্ষোভিত

নিয়মীয়া বাৰ্তা ৬ মেঃ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰী পৰিস্থিতিক লৈ অধিকাংশ নাগৰিকেই অসন্তুষ্ট–ক্ষোভিত৷ ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিয়ে স্বাস্থ্য সেৱা ব্যৱস্থাটো বিধ্বস্ত কৰি তোলাক লৈ উদ্বিগ্ণ দেশবাসী৷ নাগৰিককেন্দ্রিক মঞ্চ ‘লোকেল চার্কোলছ’ৰ সমীক্ষাত ক’ভিড–১৯সৃষ্ট ভয়াৱহ পৰিস্থিতিক লৈ দেশৰ অধিকাংশ নাগৰিকেই ক্ষোভিত, হতাশাগ্রস্ত আৰু উদ্বিগ্ণ বুলি প্রকাশ পাইছে৷ দেশত বনজুইৰ লেখীয়াই ক’ভিডৰ সংগ্রমণ দ্রুতগতিত বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত অধিকাংশ ৰাজ্যৰে লোক উদ্বিগ্ণ আৰু হতাশাগ্রস্ত হৈছে৷ দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাত বিশৃংখলতা, অক্সিজেনৰ প্রচণ্ড নাটনি আৰু জৰুৰীকালীন ঔষধৰ লগতে চিকিৎসা সামগ্রীত অভাৱনীয় সংকটে দেখা দিয়াৰ পৰিপ্রেক্ষিতত ৬১ শতাংশ লোক ক্ষোভিত, হতবাক, হতাশাগ্রস্ত অথবা শংকিত হৈছে৷

লোকেল চার্কোলে চলোৱা সমীক্ষাত মহামাৰী যুঁজখনত দেশবাসীয়ে মানসিকভাৱে যুঁজ দিয়াৰ লগতে চৰকাৰৰ পৰিস্থিতিক লৈ মোকাবিলা কৰাৰ দৃষ্টিকোণৰ সৈতেও থিয় দিয়াটো প্রতিফলিত হৈছে৷ প্রতিদিনেই ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত হাস্পতালত বিছনাৰ অভাৱ, ঔষধৰ লগতে অক্সিজেন যোগানৰ নাটনিয়ে দেশৰ নাগৰিকৰ মনৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দুমাহ ধৰি সংহাৰী ৰূপ লৈ থকাৰ পৰিপ্রেক্ষিতত লোকেল চার্কোলছে চলোৱা এক সমীক্ষাত ২৩ শতাংশ লোকে উদ্বিগ্ণ আৰু শংকিত বুলি স্পষ্টকৈ প্রকাশ কৰিছে৷

আনপিনে ৮ শতাংশ লোকে হতাশাগ্রস্ত, আশাহত অথবা দুখদায়ক বুলি মন্তব্য প্রকাশ কৰিছে৷ ২০ শতাংশ লোকে ক’ভিডসৃষ্ট পৰিস্থিতিক লৈ হতবাক আৰু ক্ষোভিত বুলি মত প্রকাশ কৰাৰ বিপৰীতে ১০ শতাংশ লোকে অতিমাত্রা ক্ষোভিত বুলি প্রকাশ কৰিছে৷ তেনেদৰে মাত্র ৭ শতাংশ লোকেহে এই পৰিস্থিতি সন্দর্ভত শান্ত হৈ থকাটো প্রতিফলিত হৈছে৷

আনপিনে, ২৮ শতাংশ লোকে পৰিস্থিতি সন্দর্ভত আশাবাদী৷ সমীক্ষাত এই কথা স্পষ্ট হৈ পৰে যে দেশৰ ৬১ শতাংশ লোক দেশজুৰি সৃষ্ট ক’ভিড–১৯ পৰিস্থিতিক লৈ ক্ষোভিত, হতবাক, হতাশাগ্রস্ত আৰু উদ্বিগ্ণ৷ মহামাৰী ক’ৰোনা ভাইৰাছক লৈ লোকেল চার্কোলছে দেশজুৰি ৮,১৪১জন লোকৰ মতামত গ্রহণ কৰিছিল৷

লক্ষণীয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ মোকাবিলা কৰাৰ ক্ষেত্রত চৰকাৰৰ ভূমিকাক লৈ জনতাৰ মাজত মতভেদ আছে৷ অর্থাৎ ক’ভিড প্রতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপো ভুল বুলি একাংশই মত ব্যক্ত কৰিছে৷ ৪১ শতাংশ লোকে চৰকাৰে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত লোৱা পদক্ষেপক লৈ সন্তুষ্ট যদিও ৪৫ শতাংশ লোক অসন্তুষ্ট৷ চৰকাৰৰ পদক্ষেপ সন্দর্ভত ১৪ শতাংশ লোকে কোনোধৰণৰ মতামত প্রকাশ কৰা নাই৷ মন কৰিবলগীয়া যে লোকেল চার্কোলছে এই সন্দর্ভত দেশজুৰি ৮,৩৬৭ লোকৰ মতামত গ্রহণ কৰিছে৷ আনপিনে ক’ৰোনাক লৈ দেশৰ ক’ৰোনা বিশেষজ্ঞৰ ওপৰতো ৫১ শতাংশ লোকৰ ভাৰসা নাই৷ স্পষ্ট ৰূপত ক’বলৈ হ’লে ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষজ্ঞৰ ধাৰণা লৈ নিশ্চিত নহয় ৫১ শতাংশ লোক৷

You might also like