নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটীৰ সানপাৰাত মাহ-প্ৰসাদ খাই শতাধিক লোক আক্ৰান্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মে’ : আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানপাৰাৰ বাবা অনাথ আশ্ৰমৰ শিৱ মন্দিৰত ২৮ মে’ত অনুষ্ঠিত ৰাজহুৱা নাম-প্ৰসংগৰ মাহ-প্ৰসাদ, ভোগ-পায়স আদি খায় শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে তেনে খাদ্য খায় অসুষ্ঠ হৈ পৰা লোকৰ সংখ্যা আজি বাতৰি লেখা সময়লৈ বৃদ্ধি পাই আছে। ইয়াৰে আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত ২১জন আক্ৰান্ত লোকক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসাধীন অৱস্থাতে আজি এগৰাকী কণমানি শিশুৰ মৃত্যু হৈছে। মৃত্যু হোৱা শিশুগৰাকীৰ নাম ক্ৰিষ্টিলীনা দাস (৬)। উল্লেখযোগ্য যে যোৱা ২৮ মে’ত ৰাজহুৱা নাম-প্ৰসংগৰ মাহ -প্ৰসাদ, ভোগ-পায়স আদি খোৱাৰ পাছত কালি পুৱাৰে পৰা সেই লোকসকল কম বেছি পৰিমাণে শৌচ, বমি, বিষ আদিত আক্ৰান্ত হৈ আবেলিলৈ আক্ৰান্ত লোকসকলৰ অৱস্থা বেয়াৰ ফালে যাবলৈ ধৰে। অঞ্চলটোৰ ৰাইজে ৰাজহুৱা নাম-প্ৰসংগৰ মাহ-প্ৰসাদ, ভোগ-পায়সত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰি লগে লগে সানপাৰা উপস্বাস্থ্য কেন্দ্ৰত খবৰ দিয়ে। সানপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ ফালৰপৰা লগে লগে আজাৰা প্ৰাথমিক চিকিৎসালয়ত খবৰ দিয়াত লগে লগে আক্ৰান্ত লোকসকলক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে সংকটজনক ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে জি এম চি এইসলৈ প্ৰেৰণ কৰা হয়। আনহাতে একাংশ আক্ৰান্ত ৰোগীক এম্বুলেন্সেৰ পোনে পোনে আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয। উল্লেখযোগ্য যে আক্ৰান্ত ৰোগী সকলৰ ভিতৰত ১৭গৰাকীয়ে শিশু। ইফালে আজিও উন্নত চিকিৎসাৰ বাবে একাংশ ৰোগীক জি এম চি এইসলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে সানপাৰাৰ ২১ গৰাকী আক্ৰান্ত ৰোগীক জি এম চি এইসত চিকিৎসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাৰ খবৰ পায়ে আজি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ চৌধুৰীয়ে সানাপাৰালৈ গৈ ঘটনাৰ বুজ লৈ পলাশবাৰী চক্ৰ বিষয়াক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। দুয়োগৰাকী বিধায়কে আজাৰা প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰিবলৈ আহ্বান জনায়। উল্লেখ যে ইতিমধ্যে আক্ৰাণৰ সংখ্যা এশ অতিক্ৰম কৰিছে আৰু নিশালৈও আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই চিকিৎসা অব্যাহত ৰাখিছে । আজাৰা স্বাস্থ্য কেন্দ্ৰকে ধৰি স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটি বৃহৎ দলে কেম্প পাতি চিকিৎসা সেৱা অব্যাহত ৰাখিছে।

প্ৰেৰক বিনয় কলিতা

You might also like