নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতে বন ধ্বংস অভিযান অব্যাহত

বামুণীগাঁৱৰ বগাই খাচ পাহাৰত দুৰ্বৃত্তই কাটি তহিলং কৰিছে মূল্যৱান শাল-চেগুণ

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । যাৰ পৰিপেক্ষিতত সমগ্ৰ দেশতেই লকডাউন। এই লকডাউনৰ সময়চোৱাত চোৰাং কামৰ সৰবৰাহ বহু পৰিমাণে কমিছে । কিন্ত ইয়াৰ বিপৰীতে দক্ষিণ কামৰূপত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ অব্যাহত আছে বন ধব্বংস ৷ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত তথা বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত বন ধ্বংস অভিযানৰ লগতে সমানে সমানে চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ জানিব পৰা মতে, বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ তথা লামপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাত অবাধ হাৰত কাটি থকা হৈছে মূল্যৱান শাল আৰু চেগুণ গছ ৷

                            একাংশ লোকে অভিযোগ কৰামতে লামপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰায় আধাকিলোমিটাৰ দূৰত অৱস্থিত বগাই খাচ পাহাৰখনত দীৰ্ঘদীন ধৰি চোৰাং বেপাৰীয়ে মূল্যৱান শাল আৰু চেগুণ গছ সমূহ কাটি নিশাৰ ভিতৰতেই গাড়ীৰে আন ঠাইলৈ চালান দি আছে ৷ চোৰাং কাঠ বেপাৰীয়ে বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয় আৰু লামপাৰা খণ্ড বন বিষয়াৰ গোপন বুজাবুজিৰে দীৰ্ঘদিন ধৰি উক্ত পাহাৰখনৰ পৰা মূল্যৱান গছ সমূহ কাটি নি আন ঠাইত কুণ্ডা সমূহ বিক্ৰী কৰি আছে ৷ বিগত বহুদিনৰ পৰা পাহাৰখনৰ ভিতৰুৱা তথা দক্ষিণ অঞ্চলত গছ সমূহ কাটি তহিলং কৰাৰ পিছত যোৱা নিশা চোাৰং বেপাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে থকা কেইবাডাল শাল আৰু চেগুণ গছ কাটি নিয়ে ৷ স্থানীয় দুই এজন লোকে সাংবাদিকক জনোৱামতে নিশা ঘাইপথৰ ওপৰত পাহাৰৰ ওপৰৰ পৰা কটা গছৰ টুকুৰাবোৰ কাটি পেলাই দি ট্ৰাকেৰে আন ঠাইলৈ লৈ যায় ৷তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ঘাই পথৰ কাষতে থকা লামপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষৰে যোৱা লামপাৰা জামবাৰী পথটোৰেই চোৰাং বেপাৰী সকলে পাৰ কৰে চোৰাং কাঠ সমূহ ৷ চোৰাং কাঠ বেপাৰী সকলৰ পৰা কাৰ্যালয়টোৱে এক বুজন পৰিমাণৰ ধন লাভ কৰে বুলিও জানিব পৰা গৈছে ৷ ঘাই পথৰ কাষৰ পাহাৰ এখনকে যদি বামুণীগাঁও বন বিভাগৰ ৰক্ষা কৰিব নোৱাৰে তেন্তে ভিতৰুৱা অঞ্চলৰ গছবোৰ কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন উত্থাপন হৈছে ৷ যি ক’ৰোনা ভাইৰাছৰ বাবে জৰুৰীসেৱাৰ বাহিৰে প্ৰায় কামকাজ বন্ধ হৈ আছে সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পৰা কি দৰে মূল্যবান গছ সমূহ চোৰাং বেপাৰীয়ে কাটি নিবলৈ সাহস কৰিলে যদিহে এইক্ষেত্ৰত চোৰাং বেপাৰীৰ সৈতে বন বিভাগৰ গোপন বুজাবুজি নাই । এই লোকসকলৰ বিৰুদ্ধে বনমন্ত্রীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে সেইটো সময়তহে হ’ব লক্ষণীয় ।

You might also like