নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইফতাৰ দি জনৰোষত মাজুলীৰ গোৱালগাঁৱৰ পৰিয়ালঃ অনাকাংক্ষিত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ মাজুলী গোৱালগাঁৱৰ নিৱাসী বিপুল বৰুৱাৰ ঘৰত যোৱা ২৫ এপ্রিলত গৃহ নির্মাণ কৰি থকা এজন ইছলাম ধর্মাৱলম্বী লোকক ইফতাৰ কৰোৱা ঘটনাই এতিয়াও ছ’চিয়েল মিডিয়াত তীব্র বির্তকৰ সৃষ্টি কৰিছে৷ এখন চেলেং চাদৰ মাটিত পাৰি ইফতাৰ কৰোৱা কার্যই সমগ্র অসম তথা মাজুলীতেই তীব্র সমালোচনাৰ সন্মুখীন হৈছে পৰিয়ালটো৷

বৈষ্ণৱসকলক ত্রিবস্ত্র চেলেংখন স’জ বস্তু অর্থাৎ মূল বস্তু সেই চেলেং লৈ হিন্দু ধর্মৰ বৈষ্ণৱ মার্গৰ ভকত–বৈষ্ণৱে নাম–প্রসংগৰ লগতে ধর্মীয় স’জ কার্যত ব্যৱহাৰ কৰে৷ সেই চেলেংখনক লৈ বিতর্কৰ সীমাই চৰম স্থান পাইছেগৈ৷

ঘটনা অনুসৰি ইফতাৰৰ সময়ত মাজুলীত আবদ্ধ হৈ থকা জেহেৰুল ইছলাম নামৰ লোকজনক মাজুলীৰ গোৱালগাঁৱৰ বিপুল বৰুৱা নামৰ হিন্দু পৰিয়ালে নীতি–নিয়মৰ মাজেৰে দিছিল ইফতাৰৰ খাদ্য৷ লকডাউনৰ বাবে আবদ্ধ হৈ থকা মিস্ত্রীৰ কাম কৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জেহেৰুলক আপ্যায়নৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল জেহেৰুলৰ চিনাকি কোনো লোকে৷ এই সম্পর্কত সংবাদ মাধ্যমত বাতৰি প্রকাশ পোৱাৰ পাছত একাংশই মাজুলীৰ এই পৰিয়ালটোক লৈ ফেচবুকত বিতর্ক আৰু প্রতিক্রিয়া আৰম্ভ কৰিছিল চেলেংখনৰ ওপৰত ভৰি দিয়াৰ বাবে৷

পৰিয়ালটোক একাংশ লোকে ইমানেই কটু আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে৷ লগতে দুই–এজন লোকে ফোন যোগেও বিপুল বৰুৱাক ধমক দিয়াৰ বাবে পৰিয়ালটোৱে তীব্র মানসিক অশান্তিৰে দিন কটাইছে৷

হাতযোৰ কৰি পুনৰ এনে অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি ইমানতে বিতর্ক শেষ কৰিবলৈ অনুৰোধ জনাইছে বিপুল বৰুৱাই৷ আনহাতে মাজুলী জিলা আৰক্ষী প্রশাসনে কোনো ছ’চিয়েল মিডিয়াত মন্তব্যকাৰীৰ বিৰুদ্ধে  গোচৰ ৰুজু কৰা নাই যদিও পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে দুজন আৰক্ষী কনিষ্টবল নিযুক্ত কৰিছে৷ পৰিয়ালটোৱে তীর্যক মন্তব্যকাৰীৰ বিৰুদ্ধে  গোচৰ ৰুজু নকৰাৰ কথা উল্লেখ কৰি ৰাইজক বিষয়টো ইমানতেই অন্ত পেলোৱাৰ বাবে কৰযোৰে অনুৰোধ জনাইছে৷

You might also like