নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ

শ শ হেক্টৰ কুঁহিয়াৰ , ঘেহু খেতি বিনষ্ট কৰিছে ৩০-৪০ জনীয়া বনৰীয়া হাতীৰ জাকে

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰিছে এজাক বনৰীয়া হাতীয়ে । বিগত দুমাহ ধৰি প্ৰায় ৩০-৪০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে নিতৌ জনাঞ্চলত প্ৰবেশ কৰি ৰাইজক ত্ৰাসিত কৰি তুলিছে ।

উল্লেখযোগ্য যে, দিনৰ ভাগত কুঁহিয়াৰ খেতিত আশ্ৰয় লৈ থকা এই বনৰীয়া হাতীৰ জাকটোৱে শ শ বিঘা কুঁহিয়াৰ খেতি খায় তহিলং কৰাৰ উপৰি ঘেহু খেতিৰ বিস্তৰ ক্ষতি সাধন কৰিছে । গঞা ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা সুৰক্ষা পাবলৈ নিতৌ পহৰাৰ ব্যৱস্থা কৰিছে যদিও বন বিভাগে হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে ।

You might also like