বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : কিমাশ্চৰ্যম ! মৃত্যুৰ পাছতে এগৰাকী ব্যক্তিৰ একাউণ্টৰ পৰা নোহোৱা হ’ল জমা ধন। কেৱল সেয়াই নহয়, উক্ত একাউণ্টৰ পৰা মৃত্যুৰ ছটাকৈ দিনৰ পাছতো জমা ধন উলিয়ালে কোনে? ইয়াকে লৈ পৰিয়ালত হাহাকাৰ। হয়, এনে এক আজব ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ এলাহাবাদ বেংকত। বিত্তীয় প্ৰতিষ্ঠানটোত জমা ৰখা ধন গ্ৰাহকজনৰ মৃত্যুৰ কিছু সময়ৰ পিছতে উলিয়ালে; আনকি মৃত্যুৰ ছটাকৈ দিনৰ পাছতো পুনৰ উলিয়াই নিলে ধন। জক্ট তাঁতী নামৰ গ্ৰাহকজনৰ ৬ ছেপ্টেম্বৰত মৃত্যু হৈছিল আৰু ৬ ছেপ্টেম্বৰত মৃত্যু হোৱাৰ দিনাই ৩০ হাজাৰ টকা আৰু পুনৰ ১২ ছেপ্টেম্বৰৰ দিনা ৩০ হাজাৰ টকা একাউণ্টৰ পৰা উলিয়াই নিয়া হয়।যদিহে পৰিয়ালৰ কোনো লোকে উক্ত একাউণ্টৰ পৰা ধন উলিওৱা নাই, তেন্তে সেই ধন ক’লৈ গ’ল, তাকে লৈ বিমোৰত পৰিছে তাঁতীৰ পৰিয়াল। একেদৰে উক্ত বিত্তীয় প্ৰতিষ্ঠানটোত থকা অন্যান্য কেইবাজনো গ্ৰাহকৰ পৰা তেওঁলোকে অৱগত নোহোৱাকৈয়ে একাউণ্টৰ সাঁচতীয়া ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই সমগ্ৰ দুষ্কাৰ্য্য বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালকৰ জ্ঞাতসাৰেই বিত্তীয় প্ৰতিষ্ঠানৰ গাণনিক বিষয়াসহ আন একাংশই কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী গ্ৰাহকে। ইয়াকে লৈ ডিব্ৰুগড় নগৰৰ এলাহাবাদ বেংকত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত ডিব্ৰুগড় সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তাৎপৰ্যপূৰ্ণ যে সৰ্বসাধাৰণ গ্ৰাহকৰ সাঁচতীয়া ধন সুৰক্ষাৰ স্বাৰ্থত বিত্তীয় প্ৰতিষ্ঠানত জমা ৰখাৰ পাছতে বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীয়েই শৰাধ কৰাৰ পাছত এতিয়া গ্ৰাহকে কাক বিশ্বাসত ল’ব? যি সময়ত ডিজিটেল ইণ্ডিয়াৰ নামত প্ৰতিজন শিশুৰ পৰা আৰম্ভ কৰি প্ৰতিজন ব্যক্তিৰ নামত বেংকত একাউণ্ট খোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে,সেই সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰতে একাংশ দুৰ্নীতিগ্ৰস্ত লোকে গ্ৰাহকৰ সাঁচতীয়া ধন লুণ্ঠন কৰা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে। আটছাকে ধৰি সৰ্বস্বান্ত গ্ৰাহকসকলে একাউণ্টৰ পৰা ধন হৰলুকী হোৱা গ্ৰাহকৰ ধন ঘূৰাই দিবলৈ দাবী জনোৱাৰ লগতে জড়িত হৈ থকা দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছে।
প্ৰেৰক বিভাস দুৱৰা